Home Daily news অতি উদ্বেগজনক ! ব্ৰিটেইনত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ

অতি উদ্বেগজনক ! ব্ৰিটেইনত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ

ব্ৰিটেইনত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ তৃতীয়টো ঢৌ আৰম্ভ হৈছে৷ দেশখনত যোৱা ১৮ জুনত ১১,০০৭জন লোকৰ নতুনকৈ কৰ’নাৰ সংক্ৰমণ হয়৷ ই হ’ল যোৱা চাৰি মাহৰ ভিতৰত কৰ’নাৰ সংক্ৰমণ হোৱা লোকৰ সৰ্বাধিক সংখ্যা৷ ইয়াৰ আগতে যোৱা ১৮ ফেব্ৰুৱাৰীত দেশখনত ১১,৯৯৪জন লোকৰ কৰ’নাৰ সংক্ৰমণ হৈছিল৷ বিশেষজ্ঞসকলৰ মতে দেশখনত ডেল্টা ভেৰিয়েণ্টৰ বাবে সংক্ৰমণ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ যোৱা এটা মাহত ব্ৰিটেইনত সংক্ৰমণ হোৱা লোকৰ ৯০ শতাংশৰ শৰীৰত ডেল্টা ভেৰিয়েণ্ট পোৱা গৈছে৷ দেশখনত এই ভেৰিয়েণ্টৰ সংক্ৰমণৰ ফলত মাত্ৰ ১১ দিনৰ ভিতৰত সংক্ৰমিতৰ সংখ্যা দুগুণ বৃদ্ধি পায়৷

Strong information on health

5.0 rating
March 12, 2021

From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.

Again Kumar Nath

Most Popular

আপুনি জানেনে? অধিক খং কৰা মানুহৰ স্মৃতিশক্তি দুৰ্বল হয়

মানুহৰ মগজুৱে যিকোনো কথা মনত ৰাখিব পৰা শক্তিয়েই হৈছে স্মৃতিশক্তি৷ বিজ্ঞানীসকলৰ মতে এজন সুস্থ লোকে প্ৰায় ১০০ ত্ৰিলিয়ন তথ্য মগজুত সংগ্ৰহ কৰি...

উদ্বেগজনক খবৰ! ২০১৭-১৯ চনলৈ ২৪ হাজাৰৰো অধিক শিশুৰ আত্মহত্যা

চৰকাৰী তথ্যৰ পৰা জানিব পৰা গৈছে যে ২০১৭ চনৰ পৰা ২০১৯ চনলৈ ভাৰতত ১৪-১৮ বছৰ বয়সৰ ২৪ হাজাৰৰো অধিক শিশুৱে আত্মহত্যা কৰে৷...

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰশ্ন:পৰিচয়-পত্ৰবিহীন লোকক কিদৰে ভেক্‌চিন প্ৰদান কৰা হ’ব?

অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীক দিল্লীত সাক্ষাৎ কৰাৰ পাছত অসমলৈ আৰু সাত লক্ষাধিক ভেক্‌চিন প্ৰেৰণ কৰা হয়৷ এতিয়া...

R-Value বৃদ্ধি উদ্বেগৰ কাৰণ: ডাঃ ৰণদীপ গুলেৰিয়া

এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই কয় যে ভাৰতৰ R-Value, অৰ্থাৎ ৰিপ্ৰডাক্টিভ ভেলু ক্ৰমাৎ বৃদ্ধি পাইছে আৰু এইটো উদ্বেগৰ কাৰণ৷ দেশখনৰ যিবোৰ...

Recent Comments