আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

0
899
Trust these 7 yoga asanas to boost your metabolism and speed up weight loss
আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷ প্ৰতিবছৰে ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন হৈ আহিছে৷ এইবাৰ যোগ দিৱসক সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হৈছে৷ সমগ্ৰ বিশ্বৰ ১৯০খন দেশত এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়৷ এইবাৰৰ যোগ দিৱসৰ বিষয়বস্তু হৈছে–"Yoga for Wellness"(সুস্থতাৰ বাবে যোগ)৷ কভিড প্ৰট’কল মানি সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে যোগ দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷ আনহাতে বৰ্তমান সময়ৰ কভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰ্যালয়ে এই বৰ্ষৰ সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ঘৰতেই পালন কৰাৰ বাবে আহ্বান জনাইছে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰক সম্বোধন কৰে৷ আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ধেমাজি জিলাৰ গেৰুৱামুখত আয়োজন কৰা কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে ২০১৪ চনৰ পৰা ৰাষ্ট্ৰসংঘই ২১ জুনৰ দিনটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে বিশ্বজুৰি পালন কৰি আহিছে৷
Try these 7 yoga poses for tailbone pain relief | The Art of Living India

মন কৰিবলগীয়া যে যোগ হৈছে সমগ্ৰ বিশ্ববাসীলৈ ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান৷ নিয়মিত যোগাভ্যাসে এজন ব্যক্তিক শাৰীৰিক আৰু মানসিক সুস্থিৰতা প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো সহায় কৰে৷ যোগৰ অনুশীলনে সমাজত শান্তি আৰু সমন্বয় প্ৰতিষ্ঠা কৰাত সহায় কৰে৷ সেয়ে শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে যোগ-ধ্যানক আমাৰ অভ্যাসৰ অংশ কৰি লোৱাৰ বাবে আজিয়েই সংকল্পবদ্ধ হওঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here