মাংকি পক্স অধিক দেশলৈ বিয়পি পৰাৰ কাৰণে, কভিড-১৯ৰ ভাবুকি নিয়ন্ত্ৰণ কৰিবলৈ গঠন কৰা বিজ্ঞানীসকলৰ এটা স্বতন্ত্ৰ মৰ্চা ৱৰ্ল্ড হেল্থ নেটৱৰ্কে [ডব্লিউ এইচ এন] এই ৰোগক মহামাৰী বুলি ঘোষণা কৰিছে৷ ডব্লিউ এইচ এনে কয় যে মাংকি পক্সক মহামাৰী বুলি ঘোষণা কৰাৰ উদ্দেশ্য হ’ল ব্যাপক ক্ষতি প্ৰতিহত কৰিবলৈ সমগ্ৰ বিশ্বৰ দেশসমূহে যাতে এটা সমন্বিত প্ৰচেষ্টা চলাব পাৰে৷
উল্লেখ্য যে যেতিয়া কিবা ৰোগৰ সংক্ৰমণ আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি বিয়পি পৰে আৰু বৃহৎসংখ্যক লোকৰ ক্ষতি কৰে তেতিয়া তেনে সংক্ৰমণক মহামাৰী বুলি ঘোষণা কৰা হয়৷ এতিয়ালৈকে মাংকি পক্স ৫৮খন দেশলৈ বিয়পিছে আৰু ৩,৪১৭জন লোকৰ সংক্ৰমণ হৈছে৷
এটা বিবৃতিত ডব্লিউ এইচ এনে কয় যে বিভিন্ন মহাদেশলৈ এই ৰোগ বিয়পি পৰিছে৷ সংগঠনটোৱে কয় যে যদিও মাংকি পক্সত মৃত্যুৰ হাৰ বসন্ত ৰোগত মৃত্যুৰ হাৰতকৈ বহু কম, এই ৰোগৰ সংক্ৰমণ বন্ধ কৰিবলৈ ব্যৱস্থা নল’লে লাখ লাখ লোকৰ মৃত্যু হ’ব আৰু বহু লোক অন্ধ আৰু অক্ষম হ’ব৷
WHN-ৰ মাংকি পক্সক মহামাৰী ঘোষণা
Appreciation
March 31, 2022
Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.
very useful website
November 6, 2021
For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.
Strong information on health
March 12, 2021
From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.