ৰাজ্যত স্বাস্থ্য সেৱাৰ মান উন্নীতকৰণৰ বাবে বিশেষ পদক্ষেপ

0
210

ৰাজ্যৰ সকলো জিলাত শিশু আৰু মাতৃৰ স্বাস্থ্যৰ লগতে ৰাজহুৱা স্বাস্থ্য সেৱাৰে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ বিস্তৃতভাৱে পৰ্যালোচনাৰ বাবে ৰাজ্যিক স্তৰৰ ৰাজহুৱা স্বাস্থ্য সেৱা পৰ্যালোচনা সন্মিলন খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ দ্বাৰা আয়োজিত স্বাস্থ্য মন্থন শীৰ্ষক ৰাজহুৱা স্বাস্থ্য সেৱা বিষয়ক এই ৰাজ্যিক স্তৰৰ পৰ্যালোচনা সভা তথা কৰ্মশালাখন  স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে৷ 
প্ৰতিখন জিলাৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, শিশু আৰু মাতৃ স্বাস্থ্যৰ জিলা ন’ডেল বিষয়া, ডি পি এম আৰু এন এইচ এমৰ অধীনৰ জিলা কাৰ্যসূচী ব্যৱস্থাপনা গোটৰ কাৰ্যবাহীসকলক লৈ  কৰ্মশালাখন আয়োজন কৰা হৈছে৷
কৰ্মশালাত অসমত নৱজাতক আৰু প্ৰসূতি-মাতৃৰ লগতে নাগৰিকসকলৰ জীৱন সুৰক্ষিত কৰিবলৈ ৰাজহুৱা স্বাস্থ্য সেৱাৰ মান অধিক উন্নত কৰাত সকলোৱেই বিশেষ মনোযোগ দিয়াৰ ওপৰত আলোচনা কৰা হয়৷ 
উল্লেখ্য যে নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসকৰণ আৰু সুৰক্ষিত প্ৰাতিষ্ঠানিক সন্তান প্ৰসৱ আদি বিষয়ৰ লগতে ৰাজহুৱা স্বাস্থ্য বিষয়ক অন্যান্য দিশসমূহো এই কৰ্মশালাত গুৰুত্বসহকাৰে চৰ্চা কৰি এই ক্ষেত্ৰত আগন্তুক দিনত অধিক ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণৰ ৰূপৰেখা তৈয়াৰ কৰিব পৰা যাব বুলি স্বাস্থ্য বিভাগে আশা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here