মধুমেহ ৰোগীয়ে কোমোৰা কিয় খাব লাগে ?

0
436

বতৰ্মান সময়ত সমগ্ৰ বিশ্বতে প্ৰতিদিনে মধুমেহ বা ডায়েবেটিছ ৰোগত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছে৷ মধুমেহ এনে এবিধ ৰোগ, যি এবাৰ দেখা দিলে পাছলৈ শৰীৰত চিৰস্থায়ী হিচাপে ৰৈ যায়৷ অনিয়মীয়া টোপনি, খাদ্যাভ্যাস, মানসিক চাপ, অপৰিচ্ছন্ন জীৱন-যাপন আদি বিভিন্ন কাৰণত এই ৰোগ হ’ব পাৰে৷ মানৱ দেহৰ শৰীৰত বিভিন্ন কাৰণত মধুমেহ ৰোগে দেখা দিব পাৰে৷ 
সেয়েহে এজন ডায়েবেটিছত ভোগা ৰোগীক চিকিৎসকে সময়মতে নিজৰ খাদ্যাভ্যাস, লাইফষ্টাইল বা জীৱনশৈলীৰ ওপৰত বিশেষ নজৰ দিবলৈ পৰামৰ্শ দিয়ে৷ এই পৰামৰ্শৰ সামান্য অনিয়ম হ’লেই ৰোগে ভয়ংকৰ ৰূপ ল’ব পাৰে৷ গৱেষকৰ মতে শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি হ’লে বিভিন্নধৰণৰ শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ 
বিশেষকৈ হৃদপিণ্ড আৰু কিডনীত এই ৰোগবিধৰ প্ৰভাৱ সহজে পৰে৷ যাৰ ফলত কিডনী বিকল হৈ যোৱাৰ সম্ভাৱনা বহু বেছি৷ ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকে নিয়মিতভাৱে খাদ্য তালিকাত কোমোৰা অন্তৰ্ভুক্ত কৰিব পাৰে৷ কাৰণ কোমোৰাই ডায়েবেটিছ নিয়ন্ত্ৰণত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ মধুমেহ ৰোগীৰ কাৰণে কোমোৰা উপকাৰী৷ 
কোমোৰাই শাৰীৰিক ওজন নিয়ন্ত্ৰণত সহায় কৰে৷ বিশেষজ্ঞৰ মতে কোমোৰাত যি পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে, ই তেজত শৰ্কৰাৰ পৰিমাণ খুব সামান্য পৰিমাণেহে বৃদ্ধি কৰে৷ কোমোৰাই হাৰ্ট সুস্থ কৰি ৰখাত বিশেষভাৱে সহায় কৰে৷ কোনোৰাই খাদ্য হজম হোৱাত সহায় কৰে৷ ছালৰ উজ্জ্বলতা আৰু ছাল সুস্থ কৰি ৰখাত কোমোৰাই অৰিহণা যোগায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here