‘জুডিমা’ই লাভ কৰিলে জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্যন : কি এই ‘জুডিমা’ (What is this Judima that has obtained the GI tag?)

0
551
ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় ‘জুডিমা’ই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পৰম্পৰাগত পানীয় হিচাপে ভৌগোলিক স্বীকৃতি লাভ কৰিছে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে দীৰ্ঘদিনৰ গৱেষণাৰ আৰু পৰ্যবেক্ষণৰ পাছত ২০১৯ বৰ্ষত জনোৱা আৱেদনৰ ভিত্তিত এই স্বীকৃতি লাভ কৰিছে৷ থলুৱা চাউলৰ সৈতে একেচিয়া পাতৰ লগতে আৰু বহু ঔষধি উদ্ভিদ তথা বন-বাতৰ সংমিশ্ৰণৰ জৰিয়তে স্বকীয় গুণসম্পন্ন এই ‘জুডিমা’ নামৰ পানীয়বিধ প্ৰস্তুত কৰা হয়৷ অসম কৃষি বিশ্ববিদ্যালয়ে ‘য়াডেম’ নামৰ এটা সংগঠনৰ যুটীয়া সমন্বয়ত ‘ডিমাজিক হাছাও’ নামৰ এটা মহিলা গোটৰ জৰিয়তে আৱেদন জনাই পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা পানীয়বিধৰ স্বীকৃতি লাভ কৰে৷ ইয়াৰ ফলত এই পানীয়বিধৰ বাবে স্থায়ী ল’গ’ অনুমোদিত হোৱাৰ লগতে বিপণনৰ বাবে নিৰ্দিষ্ট অনুমোদন ল’ব লাগিব৷ উল্লেখ্য যে এই জুডিমা পানীয়বিধ মূলত মহিলাসকলে প্ৰস্তুত কৰে৷ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বিশেষ অঞ্চলত এই একেচিয়া পাত বিশেষভাৱে উপলব্ধ বাবে এই জিলা দুখনৰ মহিলাসকল ইয়াৰ প্ৰস্তুতিৰ লগত জড়িত৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ  অধ্যাপক  গৱেষক ড॰ কিশোৰ কুমাৰ শৰ্মা, ড॰ গাৰ্গী শৰ্মা আৰু ড॰ সুবল মাইবঙছাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড॰ উত্তম বাথাৰিৰ নেতৃত্বত এটা দলে এই পৰম্পৰাগত পানীয়ৰ ওপৰত পদ্ধতিগত পৰ্যবেক্ষণ আৰু গৱেষণা চলাই আৱেদন কৰি সফলতা লাভ কৰে৷ এই বিষয়ে জানিবলৈ দি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড॰ অশোক ভট্টাচাৰ্যই কয় যে নিৰ্দিষ্ট পদ্ধতিৰ জৰিয়তে এই  পানীয় প্ৰস্তুতৰ ফলত ব্যৱহাৰ আৰু বিপণনৰ দিশত লাভজনক হোৱাৰ লগতে পিছপৰা জনগোষ্ঠীটোৰ লোকসকল উপকৃত হ’ব৷ লগতে এই পানীয়বিধ প্ৰস্তুতৰ থলুৱা কৌশলবিধ সংৰক্ষিত হোৱাৰ উপৰি ইয়াৰ বিপণনৰ ক্ষেত্ৰত সফল হ’ব পৰা যাব৷ সকলো সময়তে সমতা ৰক্ষা কৰি প্ৰস্তুত কৰাৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত বিপণনৰ মান ৰক্ষা কৰিব পৰা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here