PAC-ৰ অধ্যয়ন : অসমৰ স্থান কিমানলৈ অৱনমিত ? To what level has Assam’s rank fallen in the PAC study?

0
405
বেংগালুৰু-ভিত্তিক পাব্লিক এফেয়াৰ্ছ চেণ্টাৰ চমুকৈ PAC-এ চলোৱা বাৰ্ষিক অধ্যয়ন হ’ল গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনি, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, সংহত শিশু উন্নয়ন সেৱা, সমগ্ৰ শিক্ষা অভিযান আৰু মধ্যাহ্ন ভোজন আঁচনিৰ দৰে কেন্দ্ৰীয় আঁচনিসমূহৰ ভিত্তিত ৰাজ্যসমূহৰ মূল্যায়ন আৰু ৰাজ্যসমূহৰ শাসনৰ মানৰ মূল্যায়ন ৷ ‘পাব্লিক এফেয়াৰ্ছ ইনডেক্স ২০২১’ (পি এ আই ২০২১) বুলি কোৱা এই অধ্যয়নত সমতা, বিকাশ আৰু বহনক্ষমতা বা দায়িত্ব– এই তিনিটা মূল বিষয়ত ৰাজ্য চৰকাৰসমূহে লাভ কৰা স্ক’ৰৰ ভিত্তিত তালিকা প্ৰস্তুত কৰা হয়৷ গুজৰাটৰ স্থান পঞ্চম আৰু কৰ্ণাটকৰ স্থান সপ্তম৷ ১৮খন বৃহৎ ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰৰ স্থান দ্বাদশ আৰু অসমৰ স্থান ১৮৷ যোৱা বছৰ অসমৰ স্থান আছিল ১৪ নম্বৰত ৷ যোৱা বছৰৰ তুলনাত মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ স্থানো এইবছৰ অৱনমিত হয়৷ যোৱা বছৰ তৃতীয় স্থানত থকা অন্ধ্ৰপ্ৰদেশৰ স্থান এই বছৰ অষ্টমলৈ, কৰ্ণাটকৰ স্থান চতুৰ্থৰ পৰা সপ্তমলৈ আৰু পশ্চিম বংগৰ স্থান দ্বাদশ পৰা পঞ্চদশলৈ অৱনমিত হয়৷ সামগ্ৰিক ৰেংকিঙত যোৱা বছৰৰ দৰে এই বছৰো কেৰালা আৰু তামিলনাডু প্ৰথম আৰু দ্বিতীয় স্থানত থাকে৷ অন্ধ্ৰপ্ৰদেশৰ ঠাইত তেলেংগানা তৃতীয় স্থানলৈ উন্নীত হয়৷ সামগ্ৰিক ইনডেক্স বা সূচকাংকত তেলেংগানা, ছট্টিশগড়, ঝাৰখণ্ড আৰু গুজৰাটৰ প্ৰদৰ্শন ভাল৷ সৰু ৰাজ্যসমূহৰ ভিতৰত ছিকিম, গোৱা আৰু মিজোৰামে প্ৰথম তিনিটা স্থান লাভ কৰে৷ আনহাতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত শীৰ্ষ তিনিটা স্থান লাভ কৰে পুডুচেৰী, জম্মু আৰু কাশ্মীৰ আৰু চণ্ডীগড়ে৷ PAC-য়ে কয় যে কেৱল কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰ ভিত্তিত ৰাজ্যসমূহৰ পাৰদৰ্শিতাৰ মূল্যায়ন কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here