সাৱধানতাৰে পালন কৰক পোহৰৰ উৎসৱ দীপাৱলী (Celebrate the festival of lights Deepawali with caution)

0
734
পোহৰৰ উৎসৱ দীপাৱলী সমাগত ৷ প্ৰাচীন কালৰে পৰা ধৰাৰ বুকুৰ পৰা আন্ধাৰ নাশ কৰি পোহৰাই তোলাৰ কাৰণেই মাটিৰ চাকি জ্বলাই কাতি মাহৰ অমাৱস্যা তিথিত দীপাৱলী পালন কৰাৰ পৰম্পৰা চলি আহিছে৷ প্ৰবাদ মতে শ্ৰীৰামচন্দ্ৰই লংকাৰ অধিপতি লংকেশ্বৰক যুদ্ধত পৰাজিত কৰি সীতাক লৈ অযোধ্যালৈ ঘূৰি আহোতে অযোধ্যাবাসীয়ে চাকি-বন্তি জ্বলাই ফটকা ফুটাই নাচি-বাগি আনন্দত আত্মহাৰা হৈছিল আৰু সমগ্ৰ আযোধ্যাতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছিল৷ তেতিয়াৰ পৰা পৰৱৰ্তী সময়ত এই উৎসৱকে দীপাৱলী হিচাপে পালন কৰা হয়৷ কিন্তু বৰ্তমান সময়ত আতচবাজীৰ পয়োভৰ ইমানেই বৃদ্ধি পাইছে যাৰ ফলত পৰিৱেশৰ ওপৰত যথেষ্ট কু-প্ৰভাৱ পৰিছে৷ দীপাৱলী উৎসৱ পালনৰ ক্ষেত্ৰত আধ্যাত্মিকতাতকৈ কৃত্ৰিমতাই বেছি প্ৰাধ্যন্য বিস্তাৰ কৰিছে৷ যাৰ ফলত পোহৰৰ উৎৱসৰ সলনি ‘প্ৰদূষণ বৃদ্ধিৰ উৎসৱ’লৈ পৰিণত হৈছে৷ উচ্চ প্ৰাবল্যৰ ফটকা, আতচবাজী আদি ফুটোৱাৰ ফলত বায়ুত কাৰ্বন-ডাই-অক্সাইড, ছালফাৰ, জিংক, কাৰ্বন-মনোক্লাইড আদিৰ মাৰাত্মক গেছৰ সৃষ্টি হৈ বায়ু বিষাক্ত কৰি পেলায়৷ ফলত শ্বাস-প্ৰশ্বাস, ছাল আদিকে ধৰি নানাধৰণৰ মাৰাত্মক বেমাৰৰ কাৰণ হৈ পৰে৷

Happy Diwali - Hand Holding Or Lighting Or Arranging Diwali Diya Or Clay Lamp In Brass Plate, Selective Focus Stock Photo, Picture And Royalty Free Image. Image 87547077.

এই উচ্চ প্ৰাবল্যত ফুটা আতচবাজীয়ে শিশুৰ লগতে বয়সস্থ লোককো যথেষ্ট বিপদলৈ ঠেলি দিব পাৰে৷ বিশেষকৈ, দীপাৱলীত জিলা প্ৰশাসনে ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰি আহিছে৷ উচ্চতম ন্যায়ালয়েও দীপাৱলীৰ সময়ত আতচবাজী ফুটোৱাৰ ক্ষেত্ৰত কঠোৰ হৈছে৷ উল্লেখ্য যে পৰিৱেশ সুৰক্ষিত আইন-১৯৮৬ৰ অধীনত সৰ্বোচ্চ ১২৫ ডেচিবলৰ ওপৰত শব্দ হোৱা আতচবাজী ব্যৱহাৰ কৰিব নোৱাৰি৷ একেদৰে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদেও ১২৫ ডেচিবলৰ অধিক শব্দ হোৱা ফট্‌কা ফুটোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে৷ উচ্চ প্ৰাব্যলৰ আতচবাজী আৰু অসাৱধানতাৰ বাবে পোহৰৰ উৎসৱটো একাংশৰ বাবে হৈ পৰে বিষাদৰ উৎসৱ৷ প্ৰণিধানযোগ্য যে মহানগৰৰ বায়ুত বিষাক্ত কণিকাৰ পৰিমাণো অত্যধিক বৃদ্ধি পাইছে৷ মহানগৰৰ বায়ুত ক্ষুদ্ৰ বিষাক্ত কণিকা পাৰটিকুলেট মেটাৰ (পি এম ১০), নাইট্ৰজেন অক্সাইড আৰু ছালফাৰ-ডাই-অক্সাইডৰ পৰিমাণ ভয়াৱহ গতিত বৃদ্ধি পাইছে৷এনে অৱস্থাত বিভিন্ন মাৰাত্মক ৰোগৰ সৃষ্টি হ’ব পৰাৰ আশংকাই দেখা দিছে৷ গতিকে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে গুৰুত্ব আৰোপ কৰি দীপাৱলীৰ সময়ছোৱাত মহানগৰত আতচবাজীৰ ব্যৱসায়ীয়ে উচ্চ প্ৰাবল্যত ফুটা আতচবাজী যাতে বিক্ৰী কৰিব নোৱাৰে, সেই ক্ষেত্ৰত অধিক কঠোৰ হোৱা প্ৰয়োজন হৈ পৰিছে৷

You will have to travel 140km from Delhi-NCR to buy firecrackers this Diwali


সেয়েহে আহক, সকলোৱে কোনো ধৰণৰ উচ্চ প্ৰাবল্যৰ ফটকা নুফুটাই, পৰিৱেশ বিনষ্ট নোহোৱাকৈ, কেৱল মাটিৰ চাকি জ্বলাই পৰিৱেশ-অনুকূল পোহৰৰ উৎসৱ দীপাৱলী পালন কৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here