দিনটোৰ এই তিনি সময়ত পানী নাখাব

0
507
শৰীৰ সুস্থ কৰি ৰখাৰ বাবে পানী খোৱাটা খুবেই প্ৰয়োজন৷ এগৰাকী সুস্থ ব্যক্তিয়ে দিনটোত কমেও তিনি-চাৰি লিটাৰ পানী খোৱা উচিত৷ পানীয়ে যিকোনো ৰোগৰ পৰা আপোনাক বচাই ৰাখিব পাৰে৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি সকলো সময়তে পানী খাব৷ পানী খোৱাৰ কিছুমান নিয়ম আছে৷

(১) ৰাতি শোৱাৰ আগতে কেতিয়াও পানী খাই শোৱা উচিত নহয়৷ কিয়নো ৰাতি শোৱাৰ আগতে পানী খালে আমাৰ কিডনীৰ ওপৰত অধিক চাপ পৰে আৰু কিডনীয়ে যথেষ্ট কষ্ট পায়৷ লগতে সঘনাই প্ৰস্ৰাৱ লাগি ই আপোনাৰ টোপনিতো ব্যাঘাত জন্মাব পাৰে৷

Drinking Water Before Bed: Weighing The Pros and Cons -


(২) লগতে জলা খাই উঠি বহুতে পানী খোৱাটো পচন্দ কৰে৷ কিন্তু তেনেকুৱা কৰাটো মুঠেও উচিত নহয়৷ এনেদৰে পানী খালে কেপচেইকিন মুখৰ ভিতৰত বিয়পি পৰে৷ ফলত জ্বলনৰ মাত্ৰা অধিক হয়৷

Eating Spicy Food Often Can Reduce Mortality 25 Percent


(৩) একেদৰে শৰীৰচৰ্চা কৰি উঠি ভাগৰে-জুগৰে আহি ধকধকাই প্ৰচুৰ পৰিমাণে পানী খাই দিলে কিডনীৰ ওপৰত চাপ পৰে৷ সেয়েহে অলপ বিশ্ৰাম লৈ চিপচিপকৈ পানী খাব লাগে৷

Benefits Of Drinking Protein Shakes Before Exercising | JustRunLah!

LEAVE A REPLY

Please enter your comment!
Please enter your name here