Home Daily news OIL-ৰ পৃষ্ঠপোষকতাত শীঘ্ৰে উপলব্ধ হ’ব অৰুণাচলৰ খামটি লাহি চাউল

OIL-ৰ পৃষ্ঠপোষকতাত শীঘ্ৰে উপলব্ধ হ’ব অৰুণাচলৰ খামটি লাহি চাউল

দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ পৃষ্ঠপোষকতাত শীঘ্ৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত উপলব্ধ হ’ব অৰুণাচল প্ৰদেশৰ বিখ্যাত খামটি লাহি চাউলৰ লগতে ১৬বিধকৈ খাদ্য সামগ্ৰী৷ উল্লেখ্য যে অইল ইণ্ডিয়া লিমিটেডে ইয়াৰ সামাজিক দায়বদ্ধ আঁচনিৰ অধীনত ২০১৬-১৭ চনতে অইলে গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ [আই আই ই] সহযোগিতাত অৰুণাচলৰ ইনাওৰ ডায়ুন চক্ৰত ‘অইল জীৱিকা’ নামৰ এটা প্ৰকল্পৰ জন্ম দিছিল৷ 
উক্ত প্ৰকল্পৰ উদ্দেশ্য আছিল অৰুণাচলৰ ডায়ুন চক্ৰৰ পাঁচখন গাঁৱৰ প্ৰায় ৪০০ পৰিয়ালৰ আত্মসংস্থাপনৰ পথ মুকলি কৰা৷ সেই মৰ্মে অইলৰ জ্যেষ্ঠ চি এছ আৰ বিষয়া নয়না মধু দত্তৰ তত্ত্বাৱধানত উক্ত পৰিয়ালসমূহক প্ৰকৃতিগতভাৱে উৎপাদিত উপাদানক বজাৰত বিক্ৰীৰ উপযোগী কৰোৱাৰ উদ্দেশ্যে বিভিন্ন প্ৰশিক্ষণৰ অন্তত উক্ত প্ৰকল্পটো উদ্বোধন কৰে অইলৰ আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতিয়ে৷ 
চি এফ বি আই চিৰ লক্ষ্য হৈছে অত্যাধুনিক উৎপাদন আৰু প্ৰক্ৰিয়াকৰণৰ ব্যৱস্থাসমূহৰ সুবিধাসমূহ প্ৰদান কৰা আৰু অৰুণাচল প্ৰদেশৰ সংযুক্ত অঞ্চলসমূহৰ জনসাধাৰণৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগসমূহ ৰূপান্তৰিত কৰা৷ 
প্ৰায় তিনি কোটি এঘাৰ লাখ টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত ইতিমধ্যে মৌ, মৌসিটা, সৰিয়হৰ তেল, খলিহৈ, বাকহুইটৰ আটা, সেউজীয়া বুটমাহ, আদাৰ গুড়ি, হালধি গুড়ি, চিংফৌ চাহ, আমলখি গুড়ি, কলৰ চিপছ, কঁঠালৰ চিপছ, ঔ-টেঙাৰ গুড়ি, জালুক আৰু খামটি লাহি চাউল সুন্দৰ পেকেজিঙৰ সৈতে উপলব্ধ৷ উল্লেখ্য যে এই প্ৰকল্পৰ অধীনত কৃষকে উৎপাদিত সামগ্ৰীৰ উচিত দাম লাভ কৰাৰ উপৰি পৰৱৰ্তী সময়ত পেকেজিং সামগ্ৰীৰ বিক্ৰীৰ পৰা পোৱা লাভাংশও পুনৰ লাভ কৰাৰ ব্যৱস্থা থাকিব বুলি জানিব পৰা গৈছে৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...