এইবোৰ ভুলৰ বাবে কম বয়সতে চুলি পকিব পাৰে

0
1290

আমাৰ সৌন্দৰ্য বৃদ্ধি কৰাত মূৰৰ ক’লা, ঘন চুলিকোছাই মুখ্য ভূমিকা গ্ৰহণ কৰে৷ প্ৰদূষণ, আৱ-হাৱাৰ পৰিৱৰ্তন তথা পানীৰ ৰসায়নৰ উপস্থিতিৰ বাবে চুলিৰ প্ৰচুৰ ক্ষতি সাধন কৰে৷ এনে সময়ত চুলিটাৰিৰ যদি সঠিক যত্ন লোৱা নহয়, তেন্তে চুলিকোছা সোনকালে নষ্ট হৈ যাব পাৰে৷ আজিকালি পৰিৱেশ প্ৰদূষণ, অশুদ্ধ জীৱন যাত্ৰাৰ কাৰণে কম বয়সতে চুলি পৰিব পাৰে৷ কেমিকেলৰ উপস্থিতিৰ বাবে চুলিৰ প্ৰচুৰ ক্ষতি হয়৷ ইয়াৰ উপৰি সময়ৰ অভাৱৰ বাবে চুলিৰ সঠিক যত্ন নোহোৱা আদিৰ বাবে চুলিখিনি নষ্ট হৈ যাব পাৰে৷ কম বয়সতে অৰ্থাৎ চুলিৰ অকালপক্বতা কি কাৰণত হয়, বা ভুল সামগ্ৰীৰ ব্যৱহাৰ, খোৱাবস্তু আদিৰ বাবে হয়, সেই বিষয়ে জানো আহক৷
মাংস খালে শৰীৰৰ প্ৰয়োজনীয় প্ৰ’টিন পোৱা যায়, যি স্বাস্থ্যৰ বাবে খুব লাগতিয়াল৷ কিন্তু মাংস বেছিকৈ খালে শৰীৰৰ ইউৰিক এচিড বাঢ়ি কম বয়সতে তুলি পকিব পাৰে৷
কে’ক বা পেষ্টিজাতীয় সামগ্ৰী প্ৰস্তুত কৰা তথা ইয়াৰ সাজসজ্জাত বিভিন্ন ৰং ব্যৱহাৰ কৰা হয়৷ এইধৰণৰ ৰং চুলিৰ বাবে মুঠেও উপকাৰী নহয়৷ সেয়েহে এইবোৰ বেছি পৰিমাণে খালেও অকালতে চুলি পকিব পাৰে৷
বিভিন্ন পেকেটজাতীয় খোৱাবস্তু বা জুচ আদিত প্ৰচুৰ পৰিমাণে মনোছ’ডিয়াম থাকে৷ এইধৰণৰ খোৱা দ্ৰব্যবস্তু বেছিকৈ খোৱাৰ ফলত কম বয়সতে চুলি পকাৰ সমস্যাই দেখা দিব পাৰে৷
ময়দা খাদ্যদ্ৰব্যত বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ বিভিন্ন খাদ্য সামগ্ৰী তৈয়াৰ কৰোঁতে ময়দাৰ প্ৰয়োজন হয়৷ ময়দাই শৰীৰৰ হজম শক্তি দুৰ্বল কৰে৷ ইয়াৰ প্ৰভাৱ চুলিতো পৰি কম বয়সতে চুলি পকিব পাৰে৷
দৈনন্দিন খাদ্য তালিকাত চেনি বহুলভাৱে ব্যৱহূত হয়৷ চেনিৰ মিঠা সোৱাদেই ইয়াৰ আকৰ্ষণৰ মূল কাৰণ৷ কিন্তু বেছি মাত্ৰাত চেনি গ্ৰহণ কৰিলে শৰীৰৰ বিভিন্ন অংশৰ ক্ষতিসাধন হয়৷ অত্যধিক পৰিমাণে চেনি গ্ৰহণ কৰিলে শৰীৰত ভিটামিন-এৰ পৰিমাণ কমি যায়৷ সেয়েহে ইয়াৰ প্ৰভাৱ চুলিত পৰিবলৈ আৰম্ভ কৰে৷ চুলিৰ নানা বিকাৰৰ লগতে কম বয়সতে চুলি পকিবলৈ ধৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here