NMA-ৰ কিহৰ স্বীকৃতি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ? What recognition has Lakhimpur Medical College been given by NMA?

0
316
শাৰদীয় দুৰ্গোৎসৱৰ বতৰতে ৰাজ্যবাসীলৈ আহিছে এক সুখবৰ৷ অসমৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা খণ্ডত নতুন মাত্ৰা সংযোজনেৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিলে নেশ্যনেল মেডিকেল এছ’চিয়েশ্যন চমুকৈ NMA-ৰ স্বীকৃতি৷ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম MBBS-ৰ ১০০খন আসনেৰে চলিত শিক্ষা বৰ্ষৰ পৰাই পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰাকৈ NMA-ই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে৷ ৰাষ্ট্ৰীয় চিকিৎসা সংস্থাই এই সন্দৰ্ভত প্ৰেৰণ কৰা এখন অনুমতি-পত্ৰ ১১ অক্টোবৰত ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ে লাভ কৰিছে৷ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে আনুষ্ঠানিক স্বীকৃতি লাভৰ পাছত অসমত বছৰি MBBS পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে মুঠ আসনৰ সংখ্যা ১,১০০খনলৈ বৃদ্ধি পালে৷ ইফালে নতুন চিকিৎসা মহাবিদ্যালয়খনে NMA-ৰ স্বীকৃতি লাভ কৰাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই NMA-ৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাজ্যবাসীকো অভিনন্দন জনাইছে৷  মুখ্যমন্ত্ৰীজনে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে লাভ কৰা NMA-ৰ এই স্বীকৃতিয়ে নিজৰ এটা সপোনক সাকাৰ হোৱাৰ পথত আগুৱাই নিয়া বুলি সন্তুষ্টি প্ৰকাশ কৰে৷ একেদৰে স্বাস্থ্য মন্ত্ৰী মহন্তয়ো এক বাৰ্তাৰ জৰিয়তে ৰাষ্ট্ৰীয় চিকিৎসা সংস্থালৈ কৃতজ্ঞতা জনোৱাৰ উপৰি লখিমপুৰৰ জনসাধাৰণৰ লগতে সমগ্ৰ ৰাজ্যবাসীলৈ দুৰ্গা পূজাৰ প্ৰাক্‌ক্ষণত এয়া এক অত্যন্ত আশাব্যঞ্জক বতৰা বুলি অভিহিত কৰে৷ স্বাস্থ্য মন্ত্ৰী মহন্তই উল্লেখ কৰে যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে NMA-ৰ স্বীকৃতি পোৱাৰ লগে লগে অসমৰ চিকিৎসা শিক্ষাৰ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী হোৱাৰ পথ প্ৰশস্ত হ’ল৷ এই নৱতম চিকিৎসা মহাবিদ্যালয়খন অতি উন্নত মানৰ আন্তঃগাঁথনিৰে সুন্দৰকৈ নিৰ্মাণ হৈ উঠাৰ লগতে ইয়াৰ চিকিৎসালয়খনো অত্যাধুনিক, বিশ্বমানৰ চিকিৎসা উপকৰণ তথা যন্ত্ৰ-পাতিৰে সংযোজিত কৰা হৈছে৷ লখিমপুৰ, মাজুলীৰ লগতে সমগ্ৰ উত্তৰ পাৰত চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণ আৰু স্বাস্থ্যসেৱা আন্তগাঁথনি শক্তিশালী কৰি তুলি লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে উত্তৰ অসমৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলি আশাবাদী বুলি উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰী মহন্তই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here