Home Daily news G-7-ৰ উদ্বেগ ভাৰতৰ ঘেঁহুৰ ৰপ্তানি নিষিদ্ধ

G-7-ৰ উদ্বেগ ভাৰতৰ ঘেঁহুৰ ৰপ্তানি নিষিদ্ধ

ভাৰতে ঘেঁহুৰ ৰপ্তানি নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰাৰ পাছত, জাৰ্মানিত অনুষ্ঠিত জি-৭ৰ সদস্য ৰাষ্ট্ৰসমূহৰ কৃষি মন্ত্ৰীসকলৰ সভাই কয় যে ভাৰতৰ এই পদক্ষেপে সামগ্ৰীৰ বৰ্ধিত দামৰ সংকট বেছি গভীৰ কৰিব৷ ঘেঁহুৰ ৰপ্তানিত নিষেধাজ্ঞামূলক ব্যৱস্থা নল’বলৈ জি-৭ৰ মন্ত্ৰীসকলে দেশসমূহক আহ্বান জনায়৷

তেওঁলোকৰ এই উদ্বেগৰ কেইঘণ্টামানৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে ভাৰতে ঘেঁহুৰ যোগানৰ ক্ষেত্ৰত চুবুৰীয়া আৰু স্পৰ্শকাতৰ দেশসমূহক পৰিত্যাগ নকৰে৷ এটা টুইটত পুৰীয়ে কয় যে দেশখনৰ ঘেঁহুৰ মজুত সন্তোষজনক অৱস্থাত আছে৷

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এখন জাননীত কয় যে তীব্ৰ গ্ৰীষ্ম প্ৰৱাহৰ বাবে বৃহৎ পৰিমাণৰ উৎপাদন হ্ৰাসৰ পূৰ্বানুমান তথা দেশত খাদ্য সামগ্ৰীৰ [বিশেষকৈ খাদ্য শস্যৰ] দাম আকাশলংঘী হোৱাৰ কাৰণে এনে পদক্ষেপ লৈছে৷ ঘেঁহুৰ ৰপ্তানি নিষিদ্ধ কৰাৰ লক্ষ্য হ’ল দাম বৃদ্ধি ৰোধ কৰা আৰু খাদ্য শস্যৰ সুৰক্ষা নিশ্চিত কৰা৷

মন কৰিবলগীয়া যে মাৰ্চত ভাৰতত অভূতপূৰ্ব প্ৰচণ্ড গৰমৰ কাৰণে উৎপাদনত প্ৰভাৱ পৰিছে৷ পুৰীয়ে আশ্বাস দিয়ে যে ঘেঁহুৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে ইয়াৰ সকলো প্ৰতিশ্ৰুতিবদ্ধতা পূৰণ কৰিব৷

Most Popular

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...

বিশাল অট্টালিকাৰ ভৰে বছৰিদুই মিঃমিঃলৈ বহাইছে নিউয়ৰ্কক

নিউয়ৰ্ক চহৰখন বছৰি অহৰহ তললৈ বহি যাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল মহানগৰখনত বছৰি ক্ৰমবৰ্ধমান গতিত বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰাটো৷...

পাইলটলৈ প্ৰত্যাহ্বান : কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা উৰিব বিমান

বৰ্তমান যুগটোক বহুতেই কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ বুলি ক’বলৈ লৈছে৷ ইয়াৰ কাৰণ হ’ল বিভিন্ন ক্ষেত্ৰত বহুলভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে কৃত্ৰিম বুদ্ধিমত্তাক৷ শেহতীয়াকৈ...