হাত-ভৰিৰ পৰা ক’লা দাগ নোহোৱা কৰিবলৈ কি কৰিব ?

0
375

আমি প্ৰায়ভাগে মুখখনৰ যত্ন পাৰ্যমানো লওঁ যদিও এইক্ষেত্ৰত হাত অথবা ভৰিৰ যত্নত কিছু অৱহেলা কৰা হয়৷ বেছিভাগ মানুহে মুখখনৰ যতন লওঁতেই শৰীৰৰ বাকী অংগবোৰৰ কথা পাহৰিয়েই যায়৷ যাৰ বাবে হাত বা ভৰি যত্নৰ পৰা অৱহেলিত হয়৷ ইয়াৰ ফলত হাত-ভৰিত ক’লা দাগ পৰিবলৈ আৰম্ভ কৰে আৰু এটা সময়ত ই কুৎচিৎ আকাৰ লোৱাৰ লগতে সৌন্দৰ্য তথা স্বাস্থ্যলৈও বিপদ মাতে৷ সেয়ে সময় থাকোঁতেই এইধৰণৰ ক’লা দাগ নাইকিয়া কৰিবলৈ কিছু ঘৰুৱাভাৱে যত্ন লোৱা দৰকাৰ৷ জানো আহক ভৰিত ক’লা দাগ পৰিলে কি কৰিব?
ছালৰ যতনৰ বাবে নাৰিকল তেল অতি উত্তম৷ নাৰিকল তেলে ছালখনক মইশ্বৰাইজাৰ কৰি ৰাখে৷ আনহাতে ওটমিলে দুৰ্দান্ত স্ক্ৰাব হিচাপে কাম কৰে৷ ছালৰ মৃত কোষ দূৰ কৰাৰ লগতে ছালখন নৰম আৰু মসৃণ কৰি ৰখাত ওটমিল অত্যন্ত উপকাৰী৷
নেমু ভিটামিন-চিৰ চমৎকাৰ উৎস৷ ইয়াত থকা প্ৰাকৃতিক ব্লিচে ছালৰ ক’লা দাগ নাইকিয়া কৰাত সহায় কৰে৷
এলোভেৰা জেল ছালৰ বাবে মইশ্বৰাইজাৰৰ লগতে এণ্টিঅক্সিডেণ্ট গুণেৰে সমৃদ্ধ৷ এলাৰ্জি বা অন্য কাৰণত যদি ছালখনত ক’লা দাগ পৰে, তেন্তে ছালখন এলোভেৰা জেলেৰে মাচাজ কৰিলে দ্ৰুত উন্নতি হয় আৰু ক’লা দাগ নোহোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here