সকলোৱে জানো যে দৈনিক শৰীৰ চৰ্চাৰ ফলত বহুতো ৰোগ নিৰাময় হয় ।
দৈনিক শৰীৰ চৰ্চাৰ ফলত অকল শাৰীৰিকেই নহয়, মানসিক ৰোগ বা অশান্তিৰ পৰাও আমি হাত সাৰিব পাৰো।
বৰ্তমান যান্ত্ৰিকতাৰ যুগত ব্যস্ততা, আৰ্থিক সমস্যাৰ বা বিভিন্ন সমস্যাৰ ফলত আমি মানসিকভাৱে অশান্তিত বা মানসিক ৰোগত ভোগা দেখা যায় ।
বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে এজন ব্যক্তি অকল শাৰীৰিকভাৱে অসুস্থ হ’লেই ৰোগী নহয় , যদি তেওঁ মানসিকভাৱে সুস্থ নহয় তেওঁক এজন ৰোগী হিচাপেই ধৰা হয় ।
যিজন ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ তেওঁকহে এগৰাকী সুস্থ ব্যক্তি বুলি ক’ব পাৰি ।
গতিকে শৰীৰৰ লগতে মানসিকভাৱে সুস্থ থকাটোও
দৰকাৰ । গতিকে শৰীৰৰ লগতে মনৰ যত্ন লোৱাটো দৰকাৰ । শাৰীৰিক ৰোগতকৈ মানসিক ৰোগ বেছি
মাৰাত্মক । কাৰণ ই মনৰ বেমাৰৰ লগতে শৰীৰৰ বেমাৰো বঢ়াই গৈ থাকে । নিয়মিত শৰীৰ চৰ্চা বা ব্যায়াম কৰিলে শৰীৰত পজিটিভ বা ধনাত্মক হৰমনবোৰ বাঢ়ি যায়, যিয়ে আমাক বিষাদগ্ৰস্তৰ পৰা আঁতৰাই আনিব পাৰে আৰু ই শৰীৰৰ বাবে দৰকাৰী । কিছুমান গৱেষণাৰ পৰা গম পোৱা গৈছে যে যদি আমি এঘণ্টা খোজ কাঢ়ো বা ৫০ মিনিট দৌৰো, প্ৰায় ২৬% পৰিমাণে মানসিক অশান্তিৰ পৰা হাত সাৰিব পাৰি ।
নিয়মিত ব্যায়াম কৰিলে এঞ্জাইটিৰ পৰাও হাত সাৰিব পাৰি , তেজ চলাচল ক্ষমতা বাঢ়ে । নিয়মিতভাৱে শৰীৰ চৰ্চাই দৈনিক জীৱনটো পৰিপাটীকৈ সজাই তোলাত সহায় কৰে ।
নিয়মিত শৰীৰ চৰ্চাই আত্মবিশ্বাস বঢ়ায়।