দৈনন্দিন জীৱন ধাৰণ প্ৰণালীৰ সৈতে জড়িত ৰোগৰ ভিতৰত অন্যতম হৈছে থাইৰয়ড৷ ই যিকোনো বয়সতে আপোনাক আক্ৰমণ কৰিব পাৰে৷ বংশগত কাৰণ হোৱাৰ লগতে অন্য কিছু কাৰণতো আপোনাৰ থাইৰয়ড হ’ব পাৰে৷ থাইৰয়ড হৈছে শৰীৰৰ এবিধ গ্ৰন্থি, যিয়ে মেটাবলিজমত সহায় কৰে৷ ইয়াত থকা T3, T4 আৰু TSH হৰমনৰ স্তৰ কম বেছি হ’লে থাইৰয়ডৰ সমস্যাই দেখা দিয়ে৷ আমাৰ শৰীৰত যিকোনো ৰোগৰ আৰম্ভণিতে কিছু লক্ষণে দেখা দিয়ে৷ এই লক্ষণসমূহ যদি সঠিক সময়ত ধৰা পেলোৱা হয়, তেন্তে ইয়াৰ নিৰাময়ৰ বাবে অতি সহজে উপায় উলিয়াব পাৰি৷ থাইৰয়েডৰো কিছুমান লক্ষণ আছে৷ জানো আহক কি?
(১) শৰীৰৰ মাংসপেশী তথা গাঁঠিৰ বিষ হোৱা,
(২) অত্যধিক চুলি সৰা বা চুলি শুকান হোৱা,
(৩) থাইৰয়েড বৃদ্ধি হ’লে গলঅংশ ফুলি অহা,
(৪) অত্যধিক ওজন হ্ৰাস বা ওজন বৃদ্ধি,
(৫) অনৱৰতে শৰীৰটোৱে ভাগৰ অনুভৱ কৰি থকা,
(৬) মাহেকীয়া অনিয়মীয়া হোৱা নাইবা একেবাৰে বন্ধ হৈ যোৱা,
(৭) চকুৰে কম দেখা পোৱা,
(৮) অনিদ্ৰা, অৱসাদ, হতাশা আদিয়েই থাইৰয়েডৰ প্ৰধান লক্ষণ ৷
এনে লক্ষণসমূহ দেখা দিলে আপুনি ততালিকে চিকিৎসকৰ কাষ চপা উচিত৷