আমি প্ৰত্যেকেই এখন দাগবিহীন ছালৰ গৰাকী হোৱাটো কামনা কৰোঁ আৰু ইয়াৰ বাবে আমি বজাৰত সহজতে উপলব্ধ কিমান ধৰণৰ কছমেটিক যে ব্যৱহাৰ কৰোঁ, তাৰ হিচাপ নাই৷ কিন্তু এই কছমেটিক প্ৰডাক্টবোৰে কেতিয়াবা আপোনাৰ হিতে বিপৰীত কৰিব পাৰে৷ সেয়েহে প্ৰাকৃতিকভাৱে পোৱা কিছু সামগ্ৰী ব্যৱহাৰ কৰি আপুনি এখন সুন্দৰ দাগবিহীন ছালৰ গৰাকী হ’ব পাৰে৷
(১) কেঁচা গাখীৰে ক্লিনজাৰৰ দৰে কাম কৰে৷ ই ছালৰ ধূলি-বালি তথা মৃতকোষ পৰিষ্কাৰ কৰি ছালখন দাগবিহীন তথা উজ্জ্বল কৰাত সহায় কৰে৷ ইয়াৰ বাবে আপুনি কেঁচা গাখীৰৰ লগত হালধি মিশ্ৰণ কৰি ব্যৱহাৰ কৰিব পাৰে৷
(২) অমিতাত প্ৰাকৃতিকভাৱে ব্লিটচিং উপাদান পোৱা যায়, যিয়ে ক’লা দাগ নাইকিয়া কৰাৰ লগতে বয়সৰ চাপো দূৰ কৰে৷ ইয়াৰ বাবে অমিতা ফেনেকি তাত অলপ মৌ আৰু নেমুৰ ৰস মিশ্ৰণ কৰি মুখত লগাই শুকোৱাৰ পাছত ধুই দিব লাগে৷
(৩) আলু চুৰুকি লৈ তাত অলপ মৌ মিশ্ৰণ কৰি ক’লা দাগত ১৫ মিনিটমান লগাই পৰিষ্কাৰ পানীৰে ধুই দিলে সুফল পোৱা যায়৷
(8) দৈ আৰু হালধিৰ গুড়ি মিশ্ৰণ কৰি লগালেও এখন সুন্দৰ দাগবিহীন আৰু উজ্জ্বল ছাল পাব পাৰি৷
(৫) এইসমূহ প্ৰাকৃতিক উপায় অৱলম্বন কৰাৰ উপৰি প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত৷ ই শৰীৰৰ টক্সিন বাহিৰ কৰি আপোনাৰ ছালখন পৰিষ্কাৰ, উজ্জ্বল আৰু মসৃণ কৰি তোলে৷