বিশ্বই কৰ’না ভাইৰাছ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰিবনে? কি কয় বিশেষজ্ঞই (Can the corona virus be eradicated? Let’s hear what experts have to say.)

0
427
বিশেষজ্ঞসকলে বিশ্বাস কৰে যে বিশ্বই কৰ’না ভাইৰাছ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰাৰ সম্ভাৱনা নাই৷ অহা ৩ মাহৰ পৰা  মাহৰ ভিতৰত কভিড-১৯ সুৰংগ শেষ হ’ব আৰু পোহৰ দেখিবলৈ পাব বুলি আশা কৰাসকলৰ বাবে বিজ্ঞানীসকলে বেয়া খবৰহে দিছে৷ ইতিমধ্যে আমি যি অৱস্থা পাৰ হৈ আহিলোঁ, তাতোকৈ বেয়া পৰিস্থিতিৰ বাবে সাজু হওক৷ কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ কাৰণে বিদ্যালয়বোৰ বন্ধ কৰি দিবলগীয়া হ’ব আৰু শ্ৰেণীসমূহ বাতিল কৰিবলগীয়া হ’ব৷ নাৰ্ছিং হ’মবোৰৰ ভেক্‌চিন লোৱা লোকসকলৰ নতুনকৈ সংক্ৰমণ হোৱাৰ আশংকা আছে৷ চিকিৎসালয়সমূহত আকৌ ৰোগীৰ ভিৰ হ’ব আৰু কৰ্মচাৰীসকল কাৰ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত বিপদৰ সন্মুখীন হ’ব৷ বিশেষজ্ঞসকল একমত যে অতিমাৰীৰ অন্ত পৰাৰ আগতে প্ৰায় প্ৰতিজন লোকৰে সংক্ৰমণ হ’ব বা তেওঁলোকে ভেক্‌চিন ল’ব৷ হয়তো দুয়োটাই হ’ব৷ কিছুমান লোকৰ এবাৰতকৈ বেছি সংক্ৰমণ হ’ব৷ আমাক সকলোকে কৰ’না ভাইৰাছে স্পৰ্শ কৰিব৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ এজন উপদেষ্টা আৰু মিনিয়াপলিছৰ মিনেছটা ইউনিভাৰ্ছিটিৰ চেণ্টাৰ ফৰ ইনফেকচাছ ডিজিজ ৰিছাৰ্চৰ সঞ্চালক মাইকেল এষ্টাৰহমে কয় যে সমগ্ৰ বিশ্বত এই ভাইৰাছৰ সংক্ৰমণ হৈছে৷ তাৰ পাছত সংক্ৰমণ কৰিব, কিন্তু লাহে ধীৰে৷ তেওঁ লগতে কয় যে এই বছৰৰ হেমন্ত আৰু শীত কালত আন এটা ঢৌ সহজেই উঠিব পাৰে৷ তেওঁ কয় যে লকডাউন আৰু নিষেধাজ্ঞাবোৰ প্ৰত্যাহাৰ কৰাৰ লগে লগে দেশসমূহত অৰ্থনৈতিক কাম-কাজ আগবাঢ়িছে আৰু তাৰ ফলত আগন্তুক মাহবোৰত সংক্ৰমণ বাঢ়িব পাৰে৷ টিকাকৰণৰ হাৰ বাঢ়িলেও শিশুসকলকে ধৰি একাংশ লোকৰ সংক্ৰমণ হোৱাৰ আশংকা সদায় থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here