অসচেতনতা নে ব্যৰ্থতা ! ৬৭ লাখ লোকে লোৱা নাই এপালিও ভেক্‌চিন

0
1093

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পূজাৰ পূৰ্বে সকলো লোককে এপালি হ’লেও ভেকচিন লোৱাৰ বাবে আহ্বান জনাইছে যদিও ৰাজ্যখনত এতিয়াও ১৮ বছৰৰ ঊধ্বৰ্ৰ প্ৰায় ২৯% লোকে এপালিও ভেক্‌চিন লাভ কৰা নাই৷ আনহাতে দুটা পালি ভেক্‌চিন লাভ কৰা লোকৰ সংখ্যা হৈছে ৰাজ্যখনত মাত্ৰ ১৬% ৷ ৰাজ্য চৰকাৰখনে ভেক্‌চিন প্ৰদানৰ বাবে শেহতীয়াকৈ ৰাজ্যজুৰি বৃহৎ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে যদিও এতিয়াও ৰাজ্যৰ প্ৰায় ৬৭ লাখ লোকে এটা পালিও ভেক্‌চিন লোৱা নাই৷ ৰাজ্যখনৰ ৭১.১২% লোকেহে এতিয়ালৈকে প্ৰথম পালি ভেক্‌চিন লাভ কৰিছে আৰু ভেক্‌চিন লাভ নকৰাকৈ আছে ৬৭,৪৮,৪২৫গৰাকী লোক৷ অৰ্থাৎ মাত্ৰ ১৬.২১% লোকেহে দ্বিতীয় পালি ভেক্‌চিন লাভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে ৰাজ্যখনৰ কিছুমান জিলা ভেক্‌চিন প্ৰদানৰ ক্ষেত্ৰত এতিয়াও বহু পিছপৰি আছে৷ সেই অনুসৰি কৰিমগঞ্জ জিলাত এতিয়ালৈকে ৫১% লোকে প্ৰথম পালি আৰু ১০% লোকে দ্বিতীয় পালি ভেক্‌চিন লাভ কৰিছে৷ একেদৰে পশ্চিম কাৰ্বি আংলং জিলাত ৩৮% লোকে প্ৰথম পালি আৰু মাত্ৰ ৭% লোকে দ্বিতীয় পালি, কাৰ্বি আংলঙত ৪৬% লোকে প্ৰথম পালি আৰু মাত্ৰ ১২% লোকে দ্বিতীয় পালি, ধুবুৰীত ৫২% লোকে প্ৰথম পালি আৰু মাত্ৰ ৮% লোকে দ্বিতীয় পালি, ওদালগুৰিত ৫৯% লোকে প্ৰথম পালি আৰু মাত্ৰ ১০ শতাংশ লোকে দ্বিতীয় পালি, কাছাৰত ৫৭ শতাংশ লোকে প্ৰথম পালি আৰু মাত্ৰ ৮% লোকেহে দ্বিতীয় পালি ভেক্‌চিন লাভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে এতিয়ালৈকে ৰাজ্যখনত এনে প্ৰায় পাঁচ লাখ লোক ওলাইছে, যি প্ৰথম পালি ভেক্‌চিন ল’লে যদিও নিধাৰ্ৰিত সময়ৰ ভিতৰত কিন্তু দ্বিতীয় পালি ভেক্‌চিন লোৱা নাই৷ ৰাজ্য চৰকাৰখনেও ভেক্‌চিন প্ৰদানৰ ক্ষেত্ৰত জনতাক আগ্ৰহী কৰি তুলিবলৈ ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে যদিও আজিলৈকে ৰাজ্যখনৰ বৃহৎসংখ্যক লোকে এটা পালিও ভেক্‌চিন আজিলৈকে লাভ কৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here