প্ৰাচীন কালৰে পৰা তিলক চুলিৰ সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ কৰি অহা হৈছে৷ ছাল আৰু চুলিৰ ক্ষেত্ৰত তিল এক অত্যন্ত প্ৰমাণী বিধি৷ যিসকল লোকে নিয়মিত তিল খায়, তেওঁলোকৰ চুলিৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে শৰীৰৰো যথেষ্ট উপকাৰ হয়৷ পিছে কথা হ’ল, তিলক আপুনি চুলিত কেনেদৰে ব্যৱহাৰ কৰিব৷
[১] নিয়মিত চুলিত তিলৰ তেল গৰম কৰি মাচাজ কৰিলে চুলি সোনকালে দীঘল ক’লা আৰু ঘন হয়৷
[২] তিল আৰু দৈ সমানে বটি তাত কণীৰ কুহুম মিশ্ৰণ কৰি বিশ মিনিটৰ বাবে চুলিত লগাই ছেম্পু কৰিলে চুলি ক’লা আৰু মসৃণ হয়৷
[৩] জবা ফুলৰ পাত আৰু ফুল একেলগে পিচি তিলৰ তেলৰ লগত উতলাই ঠাণ্ডা হোৱাৰ পাছত চুলিৰ গুৰিত মাচাজ কৰিব লাগে৷
[8] এলোভেৰা জেলৰ লগত তিলৰ তেল মিশ্ৰণ কৰি মাচাজ কৰিলেও সুফল পোৱা যায়৷
[৫] নাৰিকল তেল আৰু তিলৰ তেল সমপৰিমাণে মিহলাই লৈ অলপ গৰম কৰি চুলিৰ গুৰিত মালিচ কৰিলে চুলি সৰা বন্ধ হয় আৰু নতুনকৈ চুলি গজাত সহায়ক হয়৷
গতিকে সহজতে প্ৰাকৃতিকভাৱে পোৱা তিলক এনেদৰে চুলিত ব্যৱহাৰ কৰি চুলিকোছা সযতনে ৰাখো আহক৷