দক্ষিণ মেৰুত গৰমৰ অভিলেখ

0
844
বিশ্বৰ আটাইতকৈ ঠাণ্ডা স্থানসমূহৰ অন্যতম দক্ষিণ মেৰুত গৰমে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ যোৱা বছৰ কুমেৰুৰ তাপমাত্ৰা ১৮.৩ ডিগ্ৰী চেলচিয়াছ হৈছিল৷ ৰাষ্ট্ৰসংঘই এই কথা নিশ্চিত কৰিছে৷ ৰাষ্ট্ৰসংঘৰ বিশ্ব বতৰ বিজ্ঞান সংগঠনে কয় যে যোৱা বছৰ ফেব্ৰুৱাৰীত দক্ষিণ মেৰুৰ অন্তৰ্গত আৰ্জেণ্টিনাৰ ইস্পেৰঞ্জা গৱেষণা কেন্দ্ৰত তাপমাত্ৰা ১৮.৩০ চেলচিয়াছ আছিল৷ সংগঠনৰ সচিব প্ৰধান পেট্টাৰী তাল্‌ছে কয় যে দক্ষিণ মেৰুত সৰ্বাধিক তাপমাত্ৰাৰ এই তথ্য নিশ্চিত কৰাৰ প্ৰয়োজন আছিল, কিয়নো ই তাৰ বতৰ তথা জলবায়ুৰ সম্পৰ্কে বিস্তৃতভাৱে জনাত সহায় কৰিব৷ তেওঁ লগতে কয় যে বিশ্বৰ সৰ্বাধিক হাৰত উষ্ণ হোৱা স্থানবোৰৰ ভিতৰত দক্ষিণ মেৰু অন্যতম৷ তাত উষ্ণতা ৫০ বছৰত ৩০ চেলচিয়াছ বৃদ্ধি পাইছে৷ জলবায়ু পৰিৱৰ্তনৰ লগে লগে এই তাপমাত্ৰা বৃদ্ধি অব্যাহত আছে আৰু ইয়াক তেওঁলোকে নিৰীক্ষণ কৰি থকা বুলি তাল্‌ছে কয়৷ ইয়াৰ আগতে কুমেৰুত সৰ্বাধিক ১৭.৫০ তাপমাত্ৰা পোৱা গৈছিল ২০১৫ চনত৷ উষ্ণতা বৃদ্ধিৰ ইংগিত পোৱাৰ পাছত ৰাষ্ট্ৰসংঘই অঞ্চলটোৰ বতৰৰ পৰিস্থিতি অধ্যয়ন কৰে৷ ইয়াৰ আগতে National Snow and Ice Data Center-এ এইবুলি সতৰ্ক কৰি দিছিল যে দক্ষিণ মেৰুৰ তাপমাত্ৰা বিশ্বৰ আন অংশৰ তুলনাত অধিক ক্ষিপ্ৰ গতিত বৃদ্ধি পাইছে৷ উল্লেখ্য যে দক্ষিণ মেৰুত বৰফৰ ৰূপত ইমানেই পানী জমা হৈ আছে যে সকলোখিনি গলিলে সাগৰৰ জলপৃষ্ঠ ২০০ ফুটপৰ্যন্ত বৃদ্ধি পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here