দুটি শিশুৰ দেহত ন’ৰ’ভাইৰাছৰ সংক্ৰমণ : ক’ত ?

0
1301

কেৰালা চৰকাৰে ৰাজ্যখনত ন’ৰ’ভাইৰাছ সংক্ৰমণৰ দুটা ঘটনা নিশ্চিত কৰিছে৷  ৰাজ্যখনৰ ৰাজধানী তিৰুৱনন্তপুৰমৰ বিঝিনজাম অঞ্চলৰ দুটা শিশুৰ শৰীৰত অতি সোঁচৰা ন’ৰ’ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে৷ ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে উদ্বেগৰ কাৰণ নাই বুলি কৈ জনায় যে দুয়োটি শিশুৰে অৱস্থা সুস্থিৰ৷ 
খাদ্যত বিষক্ৰিয়া আৰু ডায়েৰিয়া হোৱা বুলি জনোৱাৰ পাছত বিজিনজামৰ এল এম এছ এল পি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছিল৷ সেই নমুনা ৰাজ্যখনৰ জনস্বাস্থ্য পৰীক্ষাগাৰলৈ পঠিওৱাৰ পাছত দুজনৰ শৰীৰত ন’ৰ’ভাইৰাছৰ সংক্ৰমণ নিশ্চিত হয়৷ কেৰালাত প্ৰথম ন’ৰ’ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল ২০২১ চনৰ নৱেম্বৰ মাহত৷ 
এখন পশু চিকিৎসালয়ৰ ১৩গৰাকী শিক্ষাথ¹ৰ শৰীৰত এই ভাইৰাছৰ সংক্ৰমণ হৈছিল৷ ন’ৰ’ভাইৰাছ থকা খাদ্য বা পানীৰ যোগেদি এই ভাইৰাছ সোঁচৰে৷ আনকি ন’ৰ’ভাইৰাছ থকা বস্তু চুলে বা এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ আহিলেও সংক্ৰমণ হ’ব পাৰে৷ 
এই ভাইৰাছৰ দ্বাৰা সংক্ৰমণ হ’লে বমি হয়, পেটৰ বিষ হয় আৰু ডায়েৰিয়া হয়৷ তিনি দিনমানৰ পাছতে লক্ষণবোৰ নাইকিয়া হয়৷ কিন্তু ৰোগীজনে আৰোগ্য লাভ কৰাৰ পাছৰ দুসপ্তাহলৈ উক্ত লোকজনৰ পৰা সংক্ৰমণ হ’ব পাৰে৷ কেৰালা স্বাস্থ্য বিভাগৰ মতে এই ৰোগ সোনকালে আৰোগ্য হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here