গুণবিশিষ্ট এইবিধ খাদ্য খালে পাব দীৰ্ঘ জীৱন

0
439

এটা সুস্থ জীৱন আৰু সুস্বাস্থ্য সকলোৱে কামনা কৰে৷ কিছু কিছু ক্ষেত্ৰত আমাৰ নিজৰে বদঅভ্যাসৰ কাৰণে জীৱন-যাত্ৰাক কঠিন কৰি তোলে৷ এটা সুস্থ জীৱনশৈলী, খোৱা-লোৱাৰ ক্ষেত্ৰত সজাগ-সচেতন, খোৱা-লোৱা সঠিকমতে কৰিব পাৰিলে মৃত্যুৰ সম্ভাৱনা ১৭ শতাংশ কমি থাকে৷ ইয়াৰ লগতে হূদযন্ত্ৰজনিত ৰোগৰ মৃত্যুৰ সম্ভাৱনা ২৮ শতাংশলৈ কমি যায়৷ নিয়মিত কিছু খাদ্য গ্ৰহণ কৰিলে জীৱনশক্তি দৃঢ়ভাৱে বাঢ়ি দীৰ্ঘ জীৱন লাভ কৰে৷ চিকিৎসকৰ মতে জীৱনকাল দীঘলীয়া হ’বলৈ ভাল খোৱা-বোৱা তথা স্বাস্থ্যকৰ বস্তু গ্ৰহণ কৰাটো উচিত৷ তেনে এবিধ খাদ্য হৈছে বিন৷
বিন খোৱাটো কিয় জৰুৰী৷ গৱেষণা কৰি পোৱা গৈছে দীৰ্ঘ জীৱন লাভ কৰিবলৈ প্ৰতিগিনে খাদ্য তালিকাত বিন অন্তৰ্ভুক্ত কৰিব পাৰে৷ বিন হৈছে প্ৰ’টিন আৰু ফাইবাৰেৰে ভৰপূৰ এবিধ পাচলি৷ ইয়াৰ কোনোধৰণৰ চৰ্বি পোৱা নাযায়৷ ছেৰোলজিকেল ছ’চাইটি অব আমেৰিকাৰ তথ্য অনুসৰি পৰ্যাপ্ত দীঘলীয়া আৰু স্বাস্থ্যকৰ জীৱন পাবলৈ ফাইবাৰ অত্যন্ত জৰুৰী৷ বিনে ডিপ্ৰেশ্যন, হাইপাৰটেনশ্যন, ডায়েবেটিছ আদি ৰোগৰ পৰা শৰীৰক মুক্ত কৰি ৰাখে৷ ইয়াৰ প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়, যি স্বাস্থ্য ঠিক কৰি ৰখাৰ লগতে বয়সৰ ভাৰসাম্য অটুট ৰখাত সহায় কৰে৷ বিনে হাৰ্ট ৰোগৰ সম্ভাৱনা কমাই ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here