অভিলেখ ! ২২,৮৫০ ফুট উচ্চতাত যোগাসন

0
229

সমুদ্ৰপৃষ্ঠৰ পৰা অতি উচ্চ স্থানত যোগাসনৰ অনুশীলন কৰি ইণ্ডো-তিব্বেতান ব’ৰ্ডাৰ পুলিচে [আই টি বি পি] এক নতুন অভিলেখ গঢ়িলে৷ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আগমুহূৰ্তত আই টি বি পিৰ দলটোৱে উত্তৰাখণ্ডৰ মাউণ্ট আবি গামিনত বৰফৰ মাজত সমুদ্ৰপৃষ্ঠৰ পৰা ২২,৮৫০ ফুট উচ্চতাত যোগাসনৰ অনুশীলন কৰে আৰু অধিক উচ্চ স্থানত যোগাসন কৰাৰ অভিলেখ গঢ়ে৷ 
পৰ্বতৰ শৃংগলৈ আৰোহণৰ সময়ক্ৰমত ১৪ জনীয়া দলটোৱে ১ জুনত বৰফৰ মাজত প্ৰায় ২০ মিনিট যোগাসন কৰে৷ ২ জুনত দলটোৱে মাউণ্ট আবি গামিনত ২৪,১৩১ ফুট উচ্চতালৈ আৰোহণ কৰে৷ উল্লেখ্য যে মাউণ্ট আবি গামিন মধ্য হিমালয়ত মানা আৰু নীতি গিৰিপথৰ মাজত অৱস্থিত৷ যোৱা মাহত পৰ্বত আৰোহণৰ বাবে যোৱা দলটো উভতি আহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here