পূব ইউক্ৰেইনলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৰুছ সেনা প্ৰেৰণ কৰা বাবে ৰাছিয়াক গৰিহণা দি ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে কয় যে শেহতীয়া বছৰবোৰত বিশ্ব বৃহত্তম আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ সংকটত ভুগিছে৷
তেওঁ পূব ইউক্ৰেইনলৈ সেনা পঠিওৱা কাৰ্যক ইউক্ৰেইনৰ সাৰ্বভৌমত্বৰ উলংঘন আৰু মিনস্ক চুক্তিৰ প্ৰতি ‘মৃত্যু-আঘাত’ বুলি অভিহিত কৰে৷ ডেম’ক্ৰেটিক ৰিপাব্লিক অব্ কংগোলৈ পূৰ্ব নিৰ্ধাৰিত ভ্ৰমণ বাতিল কৰা ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানজনে কয় যে লাইন অব্ কণ্টেক্টত অস্ত্ৰবিৰতিৰ বৰ্ধিত উলংঘনকে ধৰি ইউক্ৰেইন সম্পৰ্কীয় ঘটনাৰ শেহতীয়া অগ্ৰগতিত তেওঁ গভীৰভাৱে দুশ্চিন্তিত৷
তেওঁ আৰু কয় যে ডনেটস্ক আৰু লুহানস্কৰ নিৰ্দিষ্ট অঞ্চলক তথাকথিত ‘স্বাধীন’ বুলি স্বীকৃতি দিয়াৰ ৰাছিয়াৰ সিদ্ধান্ত ইউক্ৰেইনৰ আঞ্চলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ উলংঘন৷
তেওঁ কয় যে ই হৈছে নিৰাপত্তা পৰিষদে অনুমোদন জনোৱা মিনস্ক চুক্তিৰ প্ৰতি‘মৃত্যু-আঘাত৷ উল্লেখ্য যে মিনস্ক চুক্তি হৈছে এলানি আন্তঃৰাষ্ট্ৰীয় চুক্তি, যি চুক্তিয়ে ইউক্ৰেইনৰ ডনবেছ অঞ্চলত যুদ্ধৰ সমাপ্তি বিচাৰে৷ ৰাষ্ট্ৰসংঘৰ মুৰব্বীজনে তাৎক্ষণিকভাৱে অস্ত্ৰবিৰতি আৰু আইনৰ শাসনৰ পুনৰ স্থাপনৰ আহ৩ান জনায়৷