বজাৰৰ ফল খোৱাৰ আগতে দহবাৰ ভাবক

0
354

ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত খাদ্য সুৰক্ষা বিভাগে কাৰ্বাইড দি পকোৱা ভেজাল ফলৰ বিৰুদ্ধে অভিযান চলাইছিল৷ ব্যাৱসায়িক প্ৰতিষ্ঠানত চলোৱা এই অভিযানত বৃহৎ পৰিমাণৰ কাৰ্বাইডযুক্ত ফল জব্দ কৰা হৈছিল৷ কিন্তু আশ্চৰ্যজনকভাৱে ভেজাল ফলৰ বিৰুদ্ধে দুদিনীয়া অভিযান চলায়েই দায়িত্ব সামৰিলে খাদ্য সুৰক্ষা বিভাগে৷ 
এনে মৌনতাৰ সুযোগত পুনৰ একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰত বিক্ৰী কৰি আছে বিষাক্ত ফল৷ উল্লেখ্য যে ফল সোনকালে বেয়া নহ’বলৈ আৰু ৰঙৰ আকৰ্ষণীয়তাৰ বাবে একাংশ অসাধু ব্যৱসায়ী চক্ৰই বিষাক্ত ৰাসায়নিক দ্ৰব্য সংমিশ্ৰণ কৰি বজাৰত বিক্ৰী কৰিছে৷ 
তেনেদৰে বহিঃৰাজ্যৰ পৰা অহা বিভিন্ন ধৰণৰ ফলতো থাকে বিষাক্ত ৰাসায়নিক দ্ৰব্য৷ ফলসমূহ সোনকালে বেয়া নহ’বলৈ ফলৰ পেকেজিং কৰা উদ্যোগতোফলসমূহত বিষাক্ত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰে৷ বজাৰত সোমালেই সতেজ হৈ জিলিকি থকা ফলত সাধাৰণতে কিছুমান ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি পকাই আকৰ্ষণীয় কৰি ৰখা হয়৷ 
বজাৰত পোৱা বিভিন্ন ধৰণৰ কলত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি ব্যৱসায়ীয়ে এটা নিশাৰ ভিতৰতে পকাই পেলোৱাৰ লগতে কলবোৰ সতেজ দেখাবলৈ কিছুমান মাৰাত্মক দ্ৰব্য ব্যৱহাৰ কৰে৷ বজাৰত পোৱা অধিকাংশ ফলতে ব্যৱহাৰ কৰা হয় কেলচিয়াম কাৰ্বাইড ৷ 
এনে ফলে সৰ্বসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ গতিকে এইক্ষেত্ৰত গুৰুত্ব দি খাদ্য সুৰক্ষা বিভাগ তথা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাটো অধিক প্ৰয়োজনীয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here