সমগ্ৰ বিশ্ব শান্তি আৰু নিৰাপত্তাৰ সংকটত ভুগিছে : গুটেৰেছ

0
342

পূব ইউক্ৰেইনলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিনে ৰুছ সেনা প্ৰেৰণ কৰা বাবে ৰাছিয়াক গৰিহণা দি ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে কয় যে শেহতীয়া বছৰবোৰত বিশ্ব বৃহত্তম আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ সংকটত ভুগিছে৷ 
তেওঁ পূব ইউক্ৰেইনলৈ সেনা পঠিওৱা কাৰ্যক ইউক্ৰেইনৰ সাৰ্বভৌমত্বৰ উলংঘন আৰু মিনস্ক চুক্তিৰ প্ৰতি ‘মৃত্যু-আঘাত’ বুলি অভিহিত কৰে৷ ডেম’ক্ৰেটিক ৰিপাব্লিক অব্‌ কংগোলৈ পূৰ্ব নিৰ্ধাৰিত ভ্ৰমণ বাতিল কৰা ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানজনে কয় যে লাইন অব্‌ কণ্টেক্টত অস্ত্ৰবিৰতিৰ বৰ্ধিত উলংঘনকে ধৰি ইউক্ৰেইন সম্পৰ্কীয় ঘটনাৰ শেহতীয়া অগ্ৰগতিত তেওঁ গভীৰভাৱে দুশ্চিন্তিত৷ 
তেওঁ আৰু কয় যে ডনেটস্ক আৰু লুহানস্কৰ নিৰ্দিষ্ট অঞ্চলক তথাকথিত ‘স্বাধীন’ বুলি স্বীকৃতি দিয়াৰ ৰাছিয়াৰ সিদ্ধান্ত ইউক্ৰেইনৰ আঞ্চলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ উলংঘন৷ 
তেওঁ কয় যে ই হৈছে নিৰাপত্তা পৰিষদে অনুমোদন জনোৱা মিনস্ক চুক্তিৰ প্ৰতি‘মৃত্যু-আঘাত৷ উল্লেখ্য যে মিনস্ক চুক্তি হৈছে এলানি আন্তঃৰাষ্ট্ৰীয় চুক্তি, যি চুক্তিয়ে ইউক্ৰেইনৰ ডনবেছ অঞ্চলত যুদ্ধৰ সমাপ্তি বিচাৰে৷ ৰাষ্ট্ৰসংঘৰ মুৰব্বীজনে তাৎক্ষণিকভাৱে অস্ত্ৰবিৰতি আৰু আইনৰ শাসনৰ পুনৰ স্থাপনৰ আহ৩ান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here