১৬ মাৰ্চৰ পৰা ১২-১৪ বছৰীয়া শিশুৰ ক’ভিড টিকাকৰণ

0
378

১২ বছৰৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলৰ ক’ভিড-১৯ৰ টিকাকৰণ ১৬ মাৰ্চত আৰম্ভ হ’ব আৰু ৬০ বছৰৰ ঊধবৰ্ৰ নাগৰিকসকলক ভেকচিনৰ তৃতীয়টো পালি বা ড’জ দিয়াৰ ক্ষেত্ৰত থকা আনুষংগিক ৰোগৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰা হৈছে৷ 
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাভিয়াই এই কথা ঘোষণা কৰে৷ ১২-১৪ বছৰ বয়সৰ শিশুসকলক হায়দৰাবাদৰ বায়’লজিকেল ইভানছে প্ৰস্তুত কৰা কাৰ্বিভেক্স নামৰ ভেকচিনটো দিয়া হ’ব৷ 
এটা বিবৃতিত স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে বৈজ্ঞানিক গোটসমূহৰ সৈতে আলোচনা কৰাৰ পাছত ১২-১৩ বছৰ আৰু ১৩-১৪ বছৰ বয়সৰ শিশুসকলৰ বাবে ২০২২ চনৰ ১৬ মাৰ্চৰ পৰা টিকাকৰণ আৰম্ভ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here