ৰাজ্যৰ শিশুজনিত অপৰাধত কোনখন জিলা শীৰ্ষত আছে? Which district in the state tops the list of crimes against children?

0
441
ৰাজ্যত পুনৰ অধিক হাৰত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা৷ প্ৰতিদিনেই ইটোৰ পিচত সিটোকৈ অপৰাধজনিত ঘটনা সংঘটিত হৈছে৷  হত্যাকাণ্ডৰ পৰা চুৰি, ডকাইতিলৈকে বহু অপৰাধজনিত খবৰে জোকাৰি গৈছে ৰাজ্য৷ ৰাজ্যৰ ভিতৰতে আটাইতকৈ অপৰাধজনিত ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰত৷ দৈনিক সংঘটিত অপৰাধজনিত ঘটনাই নাগৰিকৰ জীৱন, নিৰাপত্তা আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ তেনেদৰে গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে শিশুজনিত অপৰাধৰ ঘটনা৷ শেহতীয়াকৈ লাভ কৰা এক তথ্য অনুসৰি ৰাজ্যৰ ভিতৰতে সৰ্বাধিক শিশুজনিত অপৰাধ সংঘটিত হয় গুৱাহাটীত৷ মহানগৰীৰ প্ৰায়সংখ্যক থানাতেই  ৰুজু হৈছে সৰ্বাধিক শিশুজনিত অপৰাধৰ গোচৰ৷ ২০১৮ বৰ্ষত মহানগৰীত শিশুজনিত অপৰাধৰ গোচৰ ৰুজু হৈছিল ৯৯টা৷ কিন্তু এই গোচৰসমূহৰ এটাও গোচৰৰ তদন্ত  নকৰিলে আৰক্ষীয়ে৷ শিশু অধিকাৰ ৰক্ষাৰ বাবে চলোৱা বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ বাবে ৰাজধানী চহৰ গুৱাহাটীত শিশুজনিত অপৰাধৰ গোচৰ ৰুজু হোৱাৰ সংখ্যা বৃদ্ধি পাইছে৷ গুৱাহাটীৰ বিভিন্ন স্থানৰ আৰক্ষী থানাত ৰুজু হোৱা ঠগ-প্ৰৱঞ্চক সম্বন্ধীয় গোচৰৰ লেখসমূহে বিপদৰ সংকেত বৃদ্ধি কৰিছে৷ ২০১৫ চনতে গুৱাহাটীত আৰক্ষী আয়ুক্তকৰণ কৰা হৈছিল৷ ইয়াৰ মূল উদ্দেশ্য আছিল মহানগৰীত অপৰাধমূলক কাম-কাজ ৰোধ কৰা৷ কিন্তু তিনিখন আৰক্ষী জিলা– কেন্দ্ৰীয় আৰক্ষী জিলা, পূব আৰক্ষী জিলা আৰু পশ্চিম আৰক্ষী জিলাত বিগত দুটা বৰ্ষত ঠগ-প্ৰৱঞ্চনাৰ গোচৰৰ সংখ্যা যথেষ্টখিনি বৃদ্ধি পাইছে৷ সেয়ে ইয়াৰ মহানগৰীখনত অপৰাধজনিত ঘটনা ৰোধ কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা আৰক্ষীয়ে হাতত ল’ব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here