২০২১ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা (Nobel Prize for Medicine, 2021 announced)

0
284
আমেৰিকাৰ দুজন বিজ্ঞানীলৈ এই বছৰৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে৷ তেওঁলোক ক্ৰমে ডেভিড জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ান৷ মানুহে উষ্ণতা আৰু স্পৰ্শ অনুভৱ কৰা ৰিচেপ্টৰ আৱিষ্কাৰ কৰাৰ কাৰণে তেওঁলোকলৈ এই বঁটা আগবঢ়োৱা হৈছে৷ জুলিয়াছ আৰু আৰ্ডেমে ছমাটোছেনছেশ্যন, অৰ্থাৎ চকু, কাণ আৰু ছালৰ দৰে অংগবোৰে দেখা, শুনা আৰু স্পৰ্শ অনুভৱ কৰাৰ বিষয়ত গৱেষণা কৰিছিল৷ বঁটা প্ৰাপক দুজনৰ নাম ঘোষণা কৰি নোবেল সমিতিৰ সচিব প্ৰধান থমাছ পাৰ্লমানে কয়, ‘ই সঁচাকৈ প্ৰকৃতিৰ এটা অন্যতম গোপন কথা পোহৰলৈ আনিলে৷ তেওঁলোকৰ আৱিষ্কাৰ আমি জীয়াই থাকিবৰ বাবে গুৰুত্বপূৰ্ণ, গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ আৰু সাংঘাতিক আৱিষ্কাৰ৷’ ৬৫ বছৰ বয়সীয়া জুলিয়াছে মানুহৰ গাৰ ছালে উত্তাপৰ সঁহাৰি দিয়া নাৰ্ভ ছেনছৰ্ছ চিনাক্ত কৰিবলৈ কেপ্‌ছাইচিন ব্যৱহাৰ কৰিছিল৷ কেপ্‌ছাইচিন হ’ল জলকীয়াৰ সক্ৰিয় উপাদান৷ আনহাতে পাটাপুটিয়ানে মেকানিকেল ষ্টিমুলেশ্যনৰ সঁহাৰি দিয়া কোষবোৰত পৃথক প্ৰেছাৰ-ছেনছিটিভ্‌ ছেনছৰ্ছ থকা বুলি আৱিষ্কাৰ কৰিছিল৷ এই দুয়োজন বিজ্ঞানীয়ে যোৱা বছৰ যুটীয়াভাৱে সন্মানীয় কাভ্‌লি এৱাৰ্ড ফৰ নিউৰ’ছায়েন্সেজ লাভ কৰিছিল৷ জুলিয়াছৰ জন্ম হৈছিল নিউয়ৰ্কত আৰু বৰ্তমান তেওঁ ছান ফ্ৰান্সিছকোৰ ইউনিভাৰ্ছিটি অব্‌ কেলিফৰ্নিয়াত কৰ্মৰত৷ পাটাপুটিয়ানৰ জন্ম লেবাননত আৰু তেওঁ কেলিফৰ্নিয়াৰ লা জল্লাত থকা ক্ৰিপ্‌ছ ৰিছাৰ্ছ ইন্‌ষ্টিটিউটত কৰ্মৰত৷ উল্লেখ্য যে নোবেল বঁটাত আছে এটা সোণৰ পদক আৰু ১০ মিলিয়ন ছুইডিছ ক্ৰোনাৰ (১.১৪ মিলিয়নৰো অধিক ডলাৰ)৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here