ৰাজ্যত কৰ’না ৰোগী সুস্থ হোৱাৰ হাৰ বৃদ্ধি

0
1398

বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ’না সংক্ৰমণৰ হাৰ কম-বেছি পৰিমাণে বৰ্তমানো অব্যাহত আছে৷ বহু দেশত এই সংক্ৰমণৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছে৷ ইয়াৰ বিপৰীতে ভাৰতৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো কৰ’না ৰোগীৰ সুস্থতাৰ হাৰ বৃদ্ধি হৈছে৷ যোৱা ২৪ ঘণ্টাৰ ভিতৰত ২,৮৩২জন লোক সুস্থ হৈ উঠে৷ প্ৰথমবাৰৰ বাবে অসমত সুস্থ হোৱা লোকৰ হাৰ ৯২.২৬ শতাংশলৈ বৃদ্ধি হয়৷ কৰ’না সংক্ৰমণৰ প্ৰভাৱ লাহে লাহে কমি আহিছে আৰু ইয়াৰ লগতে এই ৰোগত মৃত্যুৰ হাৰো কমিছে৷ যোৱা ২৪ ঘণ্টাত সম্পন্ন হোৱা ১৪,২২৫টা নমুনাৰ পৰীক্ষাৰ ফলাফলত নতুনকৈ সংক্ৰমনৰ তথ্য জানিব পৰা গৈছে৷ সেই অনুসৰি আক্ৰান্তৰ হাৰ ১.৫১ শতাংশ৷ চৰকাৰে বান্ধি দিয়া কভিড প্ৰট’কলবোৰ আমি যদি সকলোৱে মানি চলোঁ, তেন্তে খুব কম দিনৰ ভিতৰতে কভিড আক্ৰান্তৰ হাৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here