আকৌ কৰ’নাৰ সন্ত্ৰাস! সন্ত্ৰস্ত ইউৰোপ-আমেৰিকা

0
2207

আকৌ কৰ’নাৰ সন্ত্ৰাস!
সন্ত্ৰস্ত ইউৰোপ-আমেৰিকা

বিগত কিছুদিন মহামাৰী কৰ’নাৰ সংক্ৰমণৰ লগতে মৃত্যুৰ সংখ্যা হ্ৰাস পাইছিল যদিও পুনৰ ইউৰোপ মহাদেশত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছে৷ আনহাতে আমেৰিকাতো দুই তৃতীয়াংশ ৰাজ্যত কভিডত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে৷ সেয়ে ইউৰোপ, আমেৰিকাত বৰ্তমান জনসাধাৰণ সন্ত্ৰস্ত হৈ পৰিছে৷ ইউৰোপত হঠাৎ চিকিৎসালয়সমূহত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পায় আৰু বুধবাৰে পুনৰ সমগ্ৰ বিশ্বতে কৰ’না ৰোগত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বাঢ়ি যায়৷ মাৰ্চৰ পৰা এপ্ৰিল মাহলৈকে সম্পূৰ্ণ লকডাউন হোৱাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছিল যদিও অৰ্থনৈতিক সংকটৰ বাবে এই লকডাউন বাতিল কৰা হৈছিল৷ যাৰ ফলত পুনৰ কৰ’না ভাইৰাছৰ সংক্ৰমণে দেখা দিছে৷ এই সময়ত পোলেণ্ড, পটুৰ্গাল আদিৰ চৰকাৰবোৰ কৰ’নাক লৈ পুনৰ চিন্তিত হৈ পৰিছে৷ বেলজিয়ামৰ স্বাস্থ্য মন্ত্ৰীয়ে জনোৱা মতে তাত নতুনকৈ কৰ’নাৰ ছুনামী আৰম্ভ হৈছে৷ সেয়ে দেশখনৰ চিকিৎসালয়বোৰত সাধাৰণ চিকিৎসাবোৰ বাতিল কৰা হৈছে৷ আমেৰিকাৰ ৩২খন ৰাজ্যত কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ প্ৰথম অৱস্থাৰ দৰে এইবাৰো চিকিৎসালয়বোৰত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰতিদিনে বাঢ়ি গৈ আছে৷ যাৰ বাবে ইউৰোপ, আমেৰিকাই আকৌ এবাৰ কৰ’না মহামাৰীক লৈ সংকটৰ সন্মুখীন গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here