২৯ অক্টোবৰ : বিশ্ব ষ্ট্র’ক দিৱস

0
2478

আজি বিশ্ব ষ্ট্র’ক দিৱস৷ প্ৰত্যেক বছৰৰ ২৯ অক্টোবৰৰ দিনটো বিশ্ব ষ্ট্র’ক দিৱস হিচাপে পালন কৰা হয়৷ বিশ্ব ষ্ট্র’ক অৰ্গেনাইজেশ্যন চমুকৈ ডব্লিউ এছ অ’-এ পোন প্ৰথমবাৰৰ বাবে ২০০৬ চনত এই দিৱস পালন কৰিিছল৷ একে সময়তে ইণ্টাৰনেশ্যনেল ষ্ট্র’ক ছ’চাইটি আৰু বিশ্ব ষ্ট্র’ক ফেডাৰেশ্যন নামৰ সংস্থা দুটায়ো বিশ্ব ষ্ট্র’ক অৰ্গেনাইজেশ্যনৰ সৈতে সহযোগ কৰি এই দিৱস ২০০৬ চনৰ পৰা প্ৰতিবছৰে ২৯ অক্টোবৰৰ দিনটোত পালন কৰি আহিছে৷ আজি সমগ্ৰ বিশ্বতে ষ্ট্র’ক এক ভয়াৱহ সমস্যাৰূপে দেখা দিছে৷ যিহেতু ষ্ট্র’ক হঠাতে হোৱা এটা পৰিঘটনা, সেয়ে ইয়াক লৈ জনসাধাৰণ যথেষ্ট শংকিত হোৱা দেখা যায়৷ ষ্ট্র’ক আকস্মিকভাৱে শৰীৰত দেখা দিয়া এবিধ জটিল ৰোগ৷ সাধাৰণতে দুটা কাৰণত আমাৰ ষ্ট্র’ক হোৱাৰ সম্ভাৱনা থাকে৷ যদিহে মগজুৰ ধমনী কোঁচ খাই বা বন্ধ হৈ যায়, তেতিয়া মগজুৰ তেজ চলাচলৰ প্ৰক্ৰিয়া স্থবিৰ হৈ যায়৷ এইদৰে হোৱা ষ্ট্র’কক ইস্কীমিক [Ischemic] ষ্ট্র’ক বুলি কয়৷ আনহাতে মগজুৰ সিৰাবোৰ বিভিন্ন কাৰণত ফাটি তাৰ পৰা ৰক্ত ক্ষৰণ হৈও ষ্ট্র’ক হ’ব পাৰে৷ এনেকৈ হোৱা ষ্ট্র’কক হেম’ৰহেজিক [Hemorrhagic] ষ্ট্র’ক বোলে৷ কিছুমান বিশেষ লক্ষণৰ সহায়ত ষ্ট্র’ক হোৱাটো অনুমান কৰিব পাৰি৷ কথা কোৱাৰ অসুবিধা, আনৰ কথা বুজি নোপোৱা, হাত, ভৰি, মুখ আদি অংগবোৰ অচল হৈ পৰা, খোজ কঢ়াত অসুবিধা– এইবোৰ হৈছে ষ্ট্র’ক হোৱাৰ প্ৰাথমিক লক্ষণ৷ দৈনন্দিন জীৱনত মেদবহুলতা, ওজন বৃদ্ধি, শাৰীৰিকভাৱে কম পৰিশ্ৰম, অত্যধিক নিচাযুক্ত দ্ৰব্য সেৱন আদি বিভিন্ন কাৰণত আমাৰ ষ্ট্র’ক হ’ব পাৰে৷ আনহাতে উচ্ছ ৰক্তচাপ, অতিমাত্ৰা ধূম্ৰপান, ডায়েবেটিছ, শৰীৰৰ কলেষ্টৰেল বৃদ্ধি, হৃদপিণ্ডৰ ৰোগ আদি কাৰণতো ষ্ট্র’ক হোৱা দেখা যায়৷ সাধাৰণতে ৫৫ বছৰৰ ঊধবৰ্ৰ ব্যক্তিৰ ষ্ট্র’ক হোৱাৰ সম্ভাৱনা অধিক৷ অৱশ্যে আজিকালি প্ৰায়ভাগ প্ৰাপ্তবয়স্ক লোকৰো ষ্ট্র’ক হোৱা দেখা যায় | মহিলাৰ তুলনাত পুৰুষৰ ষ্ট্র’ক হোৱাৰ সম্ভাৱনা বেছি | সেয়েহে আমি সকলোৱে শাৰিৰীক পৰিশ্রম তথা লাগতিয়াল খাদ্যগ্রহণ,নিচাজাতীয় দ্রব্য পৰিত্যাগ আদিৰে শৰীৰ সক্রিয় কৰি ৰখাত গুৰুত্ব দিওঁ আহক |

LEAVE A REPLY

Please enter your comment!
Please enter your name here