ডালিম খাওক – শৰীৰ সুস্থ কৰি ৰাখক

0
1906

বতৰৰ সকলো সময়তে উপলব্ধ এবিধ ফল হ’ল ডালিম৷ অসমৰ প্ৰায় সকলো অঞ্চলতে ডালিমৰ গছ দেখা যায়৷ গছডালৰ উচ্ছতা পাঁচৰ পৰা দহ মিটাৰমান হয়৷ ডালিমৰ ফলটোৰ ৰং ৰঙা-বেঙুনীয়া আৰু ইয়াৰ আকাৰ পাঁচৰ পৰা বাৰ ছেঃমিঃমান হয়৷ ইয়াৰ বৈজ্ঞানিক নাম পুনিকা গ্ৰেনাটাম৷ ইয়াত ১৭ শতাংশ ভিটামিন-এ থাকে৷ ১৬ শতাংশ ফাইবাৰ বা আঁহ পোৱা যায়৷ ডালিম বিভিন্ন প্ৰাকৃতিক উপাদােনৰে সমৃদ্ধ৷ ডালিমত ভিটামিন চি, এ, কে আদি অধিক মাত্ৰাত থাকে৷ ইয়াৰ উপৰি ফলিক এচিড, মেগনেচিয়াম, পটেচিয়াম, ফচফৰাছ প্ৰচুৰ পৰিমাণে পোৱা যায়৷ ফাইবাৰৰ উৎস হ’ল ডালিম৷ ডালিমত এণ্টি অক্সিডেণ্ট অধিক মাত্ৰাত পোৱা যায়, যাৰ ফলত ইয়াক সেৱন কৰিলে বয়সৰ চাপ পৰা সমস্যা দূৰ কৰিব পাৰি৷ আমি ডালিম সদায় ৰাতিপুৱাৰ ভাগত খাব লাগে, ইয়াৰ ফলত আমাৰ পাচন শক্তি দ্ৰুততৰ হয়৷ ৰাতি ডালিম খোৱাটো অনুচিত৷ আনহাতে ডালিম খোৱাৰ পাছত গাখীৰ খাব নালাগে৷ ডালিম খোৱাৰ পাছত গাখীৰ খালে ডালিম আৰু গাখীৰৰ মিশ্ৰণে আমাৰ পাচন ক্ৰিয়াত বাধা জন্মাব পাৰে৷ নিয়মিত ডালিম খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷ ডালিমে ৰক্তহীনতাৰ সমস্যা দূৰ কৰে৷ হূদৰোগীৰ বাবে এবিধ উপযুক্ত পথ্য হ’ল ডালিম৷ ডালিমে হূদৰোগীৰ কাৰণে প্ৰাকৃতিক এছপিৰিনৰ দৰে কাম কৰে৷ যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম, তেনে লোকে দৈনিক ডালিম খাব লাগে৷ আনহাতে পেটৰ সমস্যাত ভোগাসকলেও ডালিম খোৱাটো অত্যন্ত জৰুৰী৷ ডালিম কেঞ্চাৰ ৰোগীৰ বাবে উপকাৰী ফল৷ ডালিম খাই আমাৰ শৰীৰ সতেজ-সবল কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here