কৰ’নাত মৃত্যুৰ হাৰ প্ৰদূষণে বঢ়াইছে নেকি ?

0
3248

হৃদৰোগ বিশেষজ্ঞৰ বিশেষ তথ্য অনুসৰি প্ৰদূষণৰ বাবে কৰ’না ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱা বুলি প্ৰকাশ পাইছে৷ সেই অনুসৰি প্ৰদূষণৰ ফলত ১৫ শতাংশৰো অধিক লোকৰ মৃত্যু হৈছে কৰ’না মহামাৰীত৷ চৌপাশৰ প্ৰদূষিত হৈ পৰা বায়ুমণ্ডলত বহু সময় ধৰি উশাহ-নিশাহ লোৱাৰ জৰিয়তে বহুজন কৰ’না ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ বৰ্তমান সময়ত পূব এছিয়াত মৃত্যুৰ হাৰ ২৭ শতাংশলৈ বৃদ্ধি পাইছে৷ উত্তৰ আমেৰিকাত ১৭ শতাংশ আৰু বায়ু প্ৰদূষণৰ বাবে ইউৰোপত মৃত্যুৰ হাৰ ১৯ শতাংশলৈ বৃদ্ধি পাইছে৷ আনহাতে ছেকোশ্ল’ভাকিয়াত বায়ু প্ৰদূষণ হৈ কৰ’নাত মৃত্যুৰ হাৰ ২৯ শতাংশ হৈছে৷ বিশেষজ্ঞসকলে দাবী কৰা মতে, কৰ’নাত মৃত্যুৰ হাৰ নিয়ন্ত্ৰণ কৰাটো সম্ভৱপৰ হ’লহেঁতেন, যদি জীৱাশ্ম আৰু অন্য মানৱসৃষ্ট ইন্ধনৰ পৰা উৎপন্ন হোৱা প্ৰদূষণ ৰোধ কৰিব পৰা গ’লহেঁতেন৷ অৱশ্যে বায়ু প্ৰদূষণ কম হোৱাৰ বাবে নিউজিলেণ্ডত মাত্ৰ এক শতাংশ লোকহে কৰ’নাত মৃত্যুমুখত পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here