২১ অক্টোবৰ : বিশ্ব আয়োডিন-অভাৱজনিত বিসংগতি প্রতিৰোধ দিৱস

0
2015

আমাৰ অসমীয়া সমাজত এটা ফকৰা যোজনা আছে–শাকত নাখায় লোণ, পিটিকাত যায় তিনিগুণ। এই কথাই স্পষ্টকৈ বুজাই দিয়ে যে যেনেকৈয়ে নহওঁক খোৱা নিমখ বা লোণ আমাৰ খাদ্যৰ বাবে অপৰিহাৰ্য। আমাৰ দৈনন্দিন জীৱনত প্ৰায় প্রতিবিধ খাদ্যতেই ব্যৱহৃত সামগ্রীবিধ হৈছে লোণ। নিমখত যথেষ্ট পৰিমাণে আয়োডিন থাকে বাবে ই আমাৰ শৰীৰক লাগতিয়াল আয়োডিনৰ যোগান ধৰে।সাগৰতলিৰ পৰা যি নিমখ উৎপাদন হয় সেইবিধেই হৈছে সাধাৰণ নিমখ বা বগা নিমখ, যাক আমি খোৱা খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। নিমখ আমাৰ বাবে অতি অত্যাৱশ্যকীয় খাদ্য সামগ্রী যদিও আমি কিন্তু আয়োডিনযুক্ত নিমখহে খাদ্যৰ সৈতে গ্রহণ কৰা উচিত। নহ’লে শৰীৰত বিভিন্ন বিসংগতিয়ে দেখা দিব পাৰে।

World Iodine Deficiency Day 2020: All you need to know
  • আমাৰ শাৰীৰিক আৰু মানসিক বিকাৰগ্ৰস্ততা আয়োডিনৰ অভাৱৰ ফলতেই হয়। ইয়াৰ অভাৱত কোনো শিশু কলা বা বোবা হ’ব পাৰে।
  • আনহাতে গৰ্ভাৱস্থাত কোনো মাতৃৰ দেহত যদি আয়োডিনৰ অভাৱ হয়, তেন্তে নৱজাত শিশুটি কেৰাচকুৱা হ’ব পাৰে; আনকি তেনে মাতৃয়ে মৃত সন্তানো জন্ম দিব পাৰে।
  • মেদবহুলতা বা ভিটামিন ‘D’ৰ অভাৱগ্রস্ততাও আয়োডিনৰ অভাৱত হোৱা আন এটা ৰোগ।
  • দেহত আয়োডিনৰ পৰিমাণ বাঢ়িলে উচ্চ ৰক্তচাপ, বহুমূত্র আদি ৰোগ হয়। আনহাতে থাইৰয়ডৰ ফলত হোৱা বিভিন্ন উপসৰ্গৰ কাৰণ হৈছে আযোডিনযুক্ত খাদ্যৰ অভাৱ।
  • আয়োডিনৰ অভাৱৰ ফলতেই গল ফুলা বা গৰল ৰোগ হয়।

এনে ৰোগসমূহ নিৰ্মূলৰ উদ্দেশ্যে প্রতিবছৰেই ২১ অক্টোবৰৰ দিনটো বিশ্ব আয়োডিন-অভাৱজনিত বিসংগতি প্ৰতিৰোধ দিৱস হিচাপে পালন কৰা হয়। আমি মনত ৰখা উচিত যে খোৱা নিমখ কেতিয়াও প্রত্যক্ষভাৱে সূৰ্যৰ তাপত ৰাখিব নালাগে। নিমখ থওঁতে সদায় পৰিষ্কাৰ ঠাইতহে থ’ব লাগে। অপৰিষ্কাৰ বা লেতেৰা ঠাইত থ’লে ইয়াৰ দ্বাৰা বেমাৰৰ বীজাণুহে বিয়পিব পাৰে। নিমখ সদায় ঢাকনি থকা পাত্রতহে থ’ব লাগে। খালী কৰি ৰাখিলে ধুলি-মাকতি পৰি বা পোক-পৰুৱাই খোৱাৰ অনুপযোগী কৰি তুলিব পাৰে।এটা অত্যন্ত মনকৰিবলগীয়া কথা এই যে আমি সদায় আয়ডিনযুক্ত নিমখহে খোৱা উচিত। শিশুৰ মানসিক বিকাশৰ ক্ষেত্ৰতো ই সহায় কৰে। এইদৰেই আয়োডিনযুক্ত নিমখ খাদ্যৰ সৈতে গ্রহণ কৰি শিশু, গৰ্ভৱতী মহিলাকে আদি কৰি আমি সকলোৱে ৰোগমুক্ত হৈ থাকিব পাৰোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here