বিশ্বত অব্যাহত আছে কভিড-১৯-অৰ সংক্ৰমণ

0
1493

বৰ্তমান সময়ত গোটেই বিশ্বজুৰি কৰ’নাৰ সংহাৰ চলি আছে। প্রতিদিনে সংক্ৰমণৰ সংখ্যা ক্রমান্বয়ে বাঢ়ি গৈ আছে। এইদৰে কভিড১৯-অৰ সংক্ৰমণ বাঢ়ি গৈ থাকিলে অনাগত দিনবোৰত মানৱ সমাজ ভয়াৱহ বিপদৰ সন্মুখীন হ’ব লাগিব। গতিকে এই সময়ত স্বাস্থ্যসন্মত নীতি-নিয়ম মানি চলাটো নিতান্তই প্রয়োজনীয়। বিশ্বজুৰি বৰ্তমান কৰ’নাত আক্রান্তৰ সংখ্যা ৪,০৪২৫৬৬। ইয়াৰে মৃত্যুৰ সংখ্যা ১১,১৮,৬৩৫ । বৰ্তমান সময়ত আমাৰ দেশতো আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈ থকাৰ বাবে বিশ্বৰ কভিড আক্ৰান্তৰ তালিকাত ভাৰত দ্বিতীয় স্থানত আছে।যদিহে আমি আৰু অধিক সাৱধান নহওঁ, খুব কম সময়ৰ ভিতৰতে এই সংখ্যা বাঢ়ি আমাৰ দেশে আমেৰিকাকো অতিক্রিম কৰি শীৰ্ষস্থানত অৱস্থান কৰিব। আৰ্জেণ্টিনাতো( ১০,১৮,৯৯৯ )আক্রান্তৰ সংখ্যা বাঢ়ি গৈ দেশখনে পঞ্চম স্থান দখল কৰিছে। বৰ্তমান ৰিপাব্লিক অব্ আয়াৰলেণ্ডত কভিডত আক্রান্তৰ সংখ্যা ৫২,২৫৬ । দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ কথা চিন্তা কৰি তাত পুনৰ ছয় সপ্তাহলৈ চৰকাৰীভাৱে লকডাউন কথা ঘোষণা কৰিছে। বিশ্বৰ প্রায়কেইখন উন্নত আৰু উন্নয়নশীল দেশে ভয়াৱহভাৱে এই মহামাৰীৰ চিকাৰ হৈছে। ব্রাজিল, ৰাছিয়া, স্পেইন, কলম্বিয়া, ফ্রান্স, পেৰু, মেক্সিকো আদিত কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বাঢ়ি গৈ আছে, যিটো সমগ্র বিশ্বৰ বাবে সেউজ সংকেত নহয়।

সেয়েহে আহক আমি আৰু অধিক সজাগ আৰু সচেতন হ‌ওঁ। আৰু মহামাৰী কৰ’নাৰ বিৰুদ্ধে আমাৰ যুদ্ধ অব্যাহত ৰাখো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here