ছয়াবিনে হৃদপিণ্ড ( Heart ) ভালে ৰখাত সহায় কৰে।

0
1413


দৈনন্দিন খাদ্য তালিকাত ছয়াবিন এবিধ লেখত ল’বলগীয়া খাদ্য। ইয়াৰ বৈজ্ঞানিক নাম হৈছে গ্লাইচিন মেক্স( Glycine Max )৷ ইয়াক সাধাৰণতে নিৰামিষ খাদ্য হিচাপে ধৰা হয়৷ ছয়াবিনত যথেষ্ট পৰিমাণৰ প্ৰ’টিন, কাৰ্বহাইড্ৰেট, ভিটামিন, মিনাৰেল আদি পোৱা যায়৷ ইয়াত ৭২ শতাংশ প্ৰ’টিন, ৮৭ শতাংশ আইৰন বা লো আৰু ৭০ শতাংশ মেগনেছিয়াম থাকে। ছয়াবিন প্ৰধানকৈ এবিধ প্ৰ’টিনজাত খাদ্য। ছয়াবিনত পৰ্যাপ্ত মাত্ৰাত আঁহ বা ফাইবাৰ থাকে৷ আনহাতে ছয়াবিনত আইচোফ্লাভেন আৰু লেছিথিন নামৰ দুবিধ বিশেষ পুষ্টিকৰ উপাদান থাকে, যিয়ে আমাৰ হৃদপিণ্ডক ভালে ৰখাত উল্লেখযোগ্য ভূমিকা পালন কৰে৷ এই দুই উপাদানে আমাৰ হৃদপিণ্ডৰ কাৰ্যক্ষমতা বঢ়াই তোলে, যাৰ ফলত হাৰ্ট সুস্থ ৰখাত সহায়ক হয়৷ একাংশ পুষ্টিবিদৰ মতে ছয়াবিন খালে যি পুষ্টি পোৱা যায়, সিয়ে শৰীৰৰ সমতা ৰক্ষা কৰিব পাৰে৷ খোৱা-বোৱাৰ অনিয়মিত খাদ্য তালিকা, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আদিবোৰে আমাৰ শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বঢ়াই তোলে। ইয়াৰ ফলত হাৰ্টৰ অসুখকে ধৰি ব্ৰেইন ষ্ট’ক, ভৰিৰ বিষ, অলপ পৰিশ্ৰমতে ভাগৰ লগা আদি কাৰকে দেখা দিয়ে৷ শৰীৰত কলেষ্টৰলেৰ বাবে ডেনচিটি লাইপোপ্ৰ’টিন বা এল ডি এল বা ভি এল ডি এলৰ মাত্ৰা বাঢ়ে৷ এইবোৰ নিৰাময়ৰ বাবে আমি খাদ্য তালিকাত ছয়াবিন ৰখাটো খুবেই প্ৰয়োজন৷ ছয়াবিন সেৱনে মহিলাৰ ঋতুকালীন সমস্যাও দূৰ কৰিব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here