২০২১-ত জন্মা নৱজাতকে অধিক দেখিব প্ৰাকৃতিক দুৰ্যোগ : কাৰ এই প্ৰতিবেদন ? Whose report says that babies born in 2021 will see the maximum number of natural calamities?

0
467
২০২১ চনত জন্মগ্ৰহণ কৰা শিশুৱে তেওঁলোকৰ আগতে জন্মা শিশুতকৈ প্ৰাকৃতিক দুৰ্যোগ যেনে– বান, খৰাং, মহামাৰী, বনজুই, তাপমানৰ অসমতুলতা, শস্য বিনষ্ট, গোলকীয় উষ্ণতা, জলবায়ু পৰিৱৰ্তন আদি তেওঁলোকৰ জীৱন কালত অধিক মাত্ৰাত দেখিবলৈ পাব৷ জামাৰ্নিৰ Potsdam Institute for Climate Impact Research-ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷ ২০২১ চনত জন্মা শিশুৱে তেওঁলোতৰ ভৱিষ্যৎ জীৱনত প্ৰচণ্ড তাপপ্ৰবাহ, অনাবৃষ্টি, খৰাং, মহামাৰী আদিৰ লেখীয়া ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া বিষয়টোৱে ভৱিষ্যৎ প্ৰজন্মলৈ শংকা নমাই আনিছে৷ উল্লেখ্য যে পেৰিছ চুক্তি অনুসৰি যদি সেউজগৃহ গেছ নিৰ্গমণ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে সমগ্ৰ বিশ্বৰ অস্তিস্তৰ প্ৰতি ভাবুকি অহাটো একপ্ৰকাৰ নিশ্চিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here