Oat Milk কি? কেনেকৈ তৈয়াৰ কৰিব? What is oat milk? How is it prepared?

0
433
Oat Milk-- আজিকালি প্ৰায়ভাগ লোকৰে খাদ্য তালিকাৰ এবিধ অন্যতম৷ গৰুৰ গাখীৰৰ ভাল বিকল্প হৈছে Oat Milk ৷ বিনা দুগ্ধজাত সামগ্ৰী হৈয়ো ই গৰুৰ গাখীৰৰ সমানে পুষ্টিদায়ক৷ যিসকল লোকে গৰুৰ গাখীৰ খাই ভাল নাপায় অথবা যিসকল লোকৰ দুগ্ধজাত সামগ্ৰীৰ পৰা এলাৰ্জি আছে, তেওঁলোকৰ বাবে উত্তম হৈছে Oat Milk ৷

(১) শস্যৰ দ্বাৰা প্ৰস্তুত কৰা এই Oat Milk-ত প্ৰচুৰ পৰিমাণে ভিটামিন-B পোৱা যায়, যিয়ে স্ত্ৰেচ কম কৰাত সহায় কৰে৷
(২) বিনা গাখীৰযুক্ত এই Oat Milk-ত কলেষ্টৰেলৰ পৰিমাণ শূন্য৷ ইয়াৰ দৈনিক সেৱনে বেয়া কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস কৰিব পাৰে৷

Is Oat Milk Healthy? – Cleveland Clinic


(৩) পটেচিয়াম, মেগনেচিয়াম আৰু জিংক এই সকলোবোৰ উপাদান শস্যৰ দ্বাৰা তৈয়াৰী এইবিধ সামগ্ৰীত পোৱা যায়, যি আমাৰ হাড়ৰ গঠন আৰু মজবুতৰ বাবে প্ৰয়োজনীয়৷
(8) আনকি ইমিউনিটি বৃদ্ধি কৰাত, এনিমিয়া প্ৰতিৰোধ কৰাতো সহায় কৰে Oat Milk-এ ৷

 Oat Milk তৈয়াৰ কৰিবলৈ একেবাৰে সহজ৷ ইয়াৰ বাবে মিক্সিত একাপ ওটছৰ লগত চাৰি কাপ ঠাণ্ডা পানী আৰু এচামুচ ভেনিলা ফ্লেভাৰ দি ভালকৈ ব্লেণ্ড কৰি লওক৷ যেতিয়া ই সম্পূৰ্ণকৈ ব্লেণ্ড হৈ যাব, তেতিয়া এটা পাত্ৰত এখন পাতল চাফা কাপোৰ লৈ মিশ্ৰণখিনি চেকি লওক৷ এনেদৰে তৈয়াৰ হৈ গ’ল আপোনাৰ Oat Milk ৷ আপুনি ইচ্ছা কৰিলে ইয়াক যিকোনো ফ্লেভাৰত মিশ্ৰণ কৰি খাব পাৰে৷
No Cow Necessary: Here's How to Make Plant-Based Milk - The New York Times

LEAVE A REPLY

Please enter your comment!
Please enter your name here