জ্বৰ হ’লে মাংস খোৱা উচিতনে ? Is taking meat during fever good for health?

0
1050
আপোনাৰ যেতিয়া জ্বৰ হয় বা গা বেয়া লাগি থাকে, তেনে সময়ত আপোনাৰ ইমিউনিটি লেবেল তেনেই দুৰ্বল হৈ থাকে৷ একো কৰিবলৈ ইচ্ছা নাযায়, খাদ্যৰ প্ৰতি অনীহা৷ আকৌ কিছুমানৰ ক্ষেত্ৰত কি খাওঁ, কি নাখাওঁ– তেনেকুৱা ভাবো নোহোৱা নহয়৷ সেয়েহে চিকিৎসকসকলে জ্বৰ হ’লে পাতল খাদ্য খাবলৈ পৰামৰ্শ দিয়ে, যাতে শৰীৰে আৰোগ্য হ’বলৈ প্ৰয়োজনীয় পুষ্টি লাভ কৰে৷ এনে ক্ষেত্ৰত বহুতৰে এটা প্ৰশ্ন থাকে যে জ্বৰ হ’লে মাংস খাব পাৰি নে নোৱাৰি? নিশ্চয়, আপুনি জ্বৰ হৈ থাকিলেও মাংস খাব পাৰে৷ মাত্ৰ কেনেধৰণে মাংস খাব, তাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন৷
515,845 Flu Photos - Free & Royalty-Free Stock Photos from Dreamstime

(১) জ্বৰ হ’লে মাংস সদায় কম তেল আৰু কম মছলাযুক্ত হোৱাকৈ খাব লাগে৷


(২) মাংসত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু প্ৰ’টিন পোৱা যায়৷ যি দুটা উপাদান জ্বৰ হৈ থকা অৱস্থাত বা এনেও শৰীৰৰ কাৰণে লাগতিয়াল৷


(৩) জ্বৰ হৈ থকা অৱস্থাত আপুনি মাংসৰ চুপ খোৱাতো বেছি লাভদায়ক৷ চিকেন চুপ Electrolytes-ৰ ভাল উৎস, যিয়ে দুৰ্বল শৰীৰটোক হাইড্ৰেট কৰাত সহায় কৰে৷

Instant Pot Chicken Noodle Soup - Kevin Is Cooking


(8) লগতে আপোনাৰ যদি চৰ্দি, কাহ, কফ হৈছে, তেনে অৱস্থাতো চিকেন চুপ গৰমে গৰমে সেৱন কৰিলে যথেষ্ট আৰাম পোৱা যায়৷


(৫) কিন্তু জ্বৰ হোৱা শৰীৰত কেতিয়াও বেছি তেল-মছলাৰে প্ৰস্তুত কৰা মাংস খাব নালাগে৷ যিহেতু জ্বৰ হ’লে আমাৰ শৰীৰৰ হজম শক্তি আৰু ইমিউনিটি কমি থাকে, সেয়েহে এনেবোৰ খাদ্য হজম কৰিব নোৱাৰি বেছি গা বেয়াহে হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here