স্বাস্থ্য সচেতন লোকসকলৰ বাবে আজি আমি লৈ আহিছোঁ হাতৰ মুঠিতে লাভ কৰিব পৰা কেইটামান বিশেষ টিপছ৷
(১) ভিটামিন-E কেপছুলৰ সৈতে সামান্য নাৰিকলৰ তেল মিশ্ৰণ কৰি চুলি আৰু মূৰৰ ছালত লগালে চুলি উজ্জ্বল আৰু মসৃণ হয়৷
(২) জামুৰ গুটি পিচি লৈ পানী নাইবা দৈৰ লগত সেৱন কৰিলে কেঞ্চাৰ আৰু পাথৰৰ সমস্যাৰ পৰা নিৰাময় পাব পাৰি৷
(৩) শৰীৰৰ কোনো অংশত যদি কাঁইটে বিন্ধে আৰু কাঁইটডাল যদি ওলাই অহা নাই, তেন্তে আক্ৰান্ত অংশত হালধিৰ পেষ্ট লগাই দিলে কাঁইট নিজে নিজে ওলাই আহে৷
(8) তুলসীৰ পাত ৰ’দত শুকাই গুড়ি কৰি টুথপেষ্টৰ লগত মিহলাই দাঁত মাজিলে দাঁত বগা আৰু চিকচিকীয়া হয়৷
(৫) অত্যধিক মূৰৰ বিষ হ’লে ৰাতি শোৱাৰ সময়ত ভৰিৰ তলুৱাত বিশেষকৈ মাজভাগত সৰিয়হৰ তেলেৰে মালিচ কৰিলে আৰাম পোৱা যায়৷