সাৱধান ! বিশ্বজুৰি ভয়ংকৰভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণ

0
154


বিশ্বজুৰি ভয়াৱহভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা৷ এই বায়ু প্ৰদূষণৰ ফলতে বছৰি লাখ লাখ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ আনহাতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলস্বৰূপে পৃথিৱীৰ উষ্ণতা ১ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে৷ ইয়াৰ নেতিবাচক প্ৰভাৱ জনগণৰ ওপৰত পৰিছে আৰু কুফল ভোগ কৰিছে৷ একেদৰে সমগ্ৰ বিশ্বতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত কৃষিৰ উৎপাদন ১৭ শতাংশ হ্ৰাস পাইছে৷ এই ধাৰা অব্যাহত থাকিলে অনাগত দিনত পুষ্টিৰ সংকটে দেখা দিয়াৰ প্ৰবল সম্ভাৱনা আছে৷ মানুহৰ ভুলৰ বাবেই বিশ্বত প্ৰতি বছৰে প্ৰায় ২০ কোটি কাৰ্বন ডাই অক্সাইড মানুহৰ কৃতকৰ্মৰ ফলতে বায়ুমণ্ডলত প্ৰৱেশ কৰে৷ ঘাইকৈ পেট্ৰলজাত সামগ্ৰী, কয়লা দহন আদিৰ পৰাই কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনোক্সাইড বায়ুত প্ৰৱেশ কৰে৷ কয়লা ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে দ্বিতীয়৷ আনহাতে জনবিস্ফোৰণ তথা বনভূমি ধবংসৰ ফলতো বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বঢ়াৰ মূল কাৰণ হিচাপে চিহ্নিত হৈছে৷ আমাৰ দেশ ভাৰতবৰ্ষৰ বৰ্তমান জনসংখ্যা প্ৰায় ১৫০ কোটি৷ ২০১৭ চনত প্ৰকাশিত এটা সমীক্ষা মতে এটি শিশু নজন্মা বা নোপোজা মানে পৃথিৱীখনত অতিৰিক্ত ৫৮ টা কাৰ্বন ডাই অক্সাইড নিঃসৰণ কম হোৱা৷ গতিকে বায়ুত থকা কাৰ্বনক বিকাৰ্বিকৰণ কৰিবলৈ হ’লে সেউজ প্ৰযুক্তি ব্যৱহাৰৰ বিকল্প নাই৷ দ্ৰুতভাৱে বাঢ়ি থকা যান-বাহনৰ সংখ্যা, ঔদ্যোগিক প্ৰতিষ্ঠান, কল-কাৰখানা আদিৰ পৰা বায়ু সাংঘাতিকভাৱে প্ৰদূষিত হৈ আছে৷ চৰকাৰে সময়ে সময়ে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ লোৱা দেখা যায় যদিও ফলপ্ৰসূতা কম৷ কয়লাৰ পৰিৱৰ্তে বিকল্প শক্তিৰ চিন্তা-চৰ্চা কৰিব লাগিব৷ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ বা হ্ৰাস কৰাৰ ক্ষেত্ৰত প্ৰধান কাম হৈছে গধুৰ আৰু লঘু সকলো যান-বাহনৰ ক্ষেত্ৰত যান-বাহনবোৰ বিদু্ৎচালিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা৷ শেহতীয়াভাৱে ৰাজ্য চৰকাৰে পথত গেছচালিত চিএনডি বাছ সেৱাৰ প্ৰৱৰ্তন কৰিছে৷ চৰকাৰে অধিক প্ৰদূষণ ৰোধৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here