জিভাখন চাফা নকৰিলেকি কি ৰোগ হ’ব পাৰে

0
221

আমাৰ শৰীৰৰ অত্যন্ত প্ৰয়োজনীয় অংগৰ ভিতৰত জিভাখন অন্যতম৷ কিন্তু শৰীৰৰ আন অংগৰ সমান্তৰালভাৱে জিভাখনৰ যত্নত আওকাণ কৰা দেখা যায়৷ এনে কেতিয়াও কৰিব নালাগে৷ কিয়নো জিভাখন নানাধৰণে সংক্ৰমণ হ’ব পাৰে৷ মুখৰ দাতৰ লগতে জিভাখনো চাফা কৰাটো সমানেই জৰুৰী৷ সাধাৰণতে আমাৰ মুখমণ্ডলত ২০ বিলিয়নতকৈও অধিক বেক্টেৰিয়া থাকে৷ সেই বেক্টেৰিয়াবোৰৰ বাবেই মুখমণ্ডলত বিভিন্ন সংক্ৰমণ হয়৷ ইয়াৰ ফলত মুখত গুটি গুটি ওলোৱা, দাঁতৰ কেভিটি হোৱা, দাঁত পোকে খোৱা, মুখৰ পৰা দুৰ্গন্ধ ওলোৱা, জিভাত বগা বগা চামনি পৰা, মুখৰ ভিতৰ অংশ জ্বলা-পোৰা কৰা, দাঁতৰ আলু ওখহি আহি তেজ ওলোৱা আদি নানা সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ জিভা লেতেৰা হোৱাৰ ফলত এইবোৰ লক্ষণে দেখা দিব পাৰে৷ সেয়ে জিভা নিয়মিতভাৱে চাফা কৰাটো অত্যন্ত জৰুৰী৷ জিভাখন চাফা কৰিলে শৰীৰৰ টক্সিনবোৰ বাহিৰ হয়৷ জিভা চাফা কৰিবলৈ প্ৰথমে জিভা ভিজাই ল’ব লাগে৷ ব্ৰাছ কৰাৰ পাছত জিভাখন ভিজা থাকে বাবে এই সময়ত জিভা চাফা কৰা ভাল৷ শুকান জিভাত কেতিয়াও ব্ৰাছ নোমোহাৰিব৷ জিভাখন চাফা কৰাৰ সময়ত জিভাখন অলপ বাহিৰলৈ উলিয়াই দি তললৈ ব্ৰাছডাল বা আঙুলিটো টানিব লাগে৷ জিভাত থকা আৱৰ্জনা আদি বাহিৰ কৰি দিব লাগে৷ ব্ৰাছডাল মুখৰ ভিতৰৰ ফালে হেঁচিব নালাগে৷ এনে কৰিলে মুখৰ ভিতৰৰ বেক্টেৰিয়াবোৰ পেটৰ ভিতৰলৈ গৈ পেটৰ অসুখহে কৰিব পাৰে৷ টাং ক্লিনাৰডাল ব্যৱহাৰ কৰি জিভাখন চাফা কৰিব পাৰে৷ আঙুলিৰে জিভা চাফা কৰিলে জিভাখনত আঙুলিটোৰে ঘঁহি দি জিভাত থকাবোৰ বাহিৰ কৰি দিব লাগে৷ অইল কুলিং কৰিও জিভা চাফা কৰিব পাৰে৷ যিকোনো তেল মুখত লৈ কুলকুল কৰি পাছত বাহিৰলৈ উলিয়াই দিলে জিভাত লাগি থকা বেক্টেৰিয়া বা অন্য অপকাৰী বস্তুবোৰ বাহিৰ হৈ আহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here