ভাৰতীয় কফ ছিৰাপৰ বিৰুদ্ধেWHO-ৰ সতৰ্কীকৰণ

0
947


বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’-ই পৰামৰ্শ দিছে যে নয়দা-ভিত্তিক মেৰিয়ন বায়’টেক কোম্পানীয়ে প্ৰস্তুত কৰা দুটা কফ ছিৰাপ উজবেকিস্তানত শিশুসকলৰ বাবে ব্যৱহাৰ কৰিব নালাগে৷ এটা সতক¹কৰণত বিশ্ব স্বাস্থ্য সংস্থাই কয় যে মেৰিয়ন বায়’টেকে উৎপাদন কৰা ঔষধ নিম্ন মানৰ আৰু সেয়ে স্পেচিফিকেশ্যনৰ পৰা বাহিৰত৷ ডব্লিউ এইচ অ’ৰ মেডিকেল প্ৰডাক্ট এলাৰ্ট জাৰি কৰা হৈছে উজবেকিস্তানে চিনাক্ত কৰা দুটা নিম্ন মানৰ [প্ৰদূষিত] উৎপাদনৰ ক্ষেত্ৰত আৰু দেশখনে ২০২২ চনৰ ২২ ডিচেম্বৰত ডব্লিউ এইচ অ’ক জনাইছিল৷ কফ ছিৰাপ দুটা ক্ৰমে ‘এম্ব্ৰনল আৰু ‘ডক্‌-১ মেক্স’৷ দুয়োটা কফ ছিৰাপ উৎপাদন কৰে নয়দা-ভিত্তিক মেৰিয়ন বায়’টেক প্ৰাইভেট লিমিটেডে৷ কফ ছিৰাপ দুটা খোৱাৰ পাছত উজবেকিস্তানত ১৮টা শিশুৰ মৃত্যু হোৱা বুলি যোৱা মাহত দেশখনে প্ৰকাশ কৰিছিল৷ মেৰিয়ন বায়’টেকৰ উৎপাদনৰ অনুজ্ঞাপত্ৰ সাময়িকভাৱে বাতিল কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here