গাখীৰৰ লগত এইবোৰ খাদ্য খোৱা একেবাৰে অনুচিত (Eating these foods with milk is very unhealthy)

0
1044
গাখীৰক এক সম্পূৰ্ণ আহাৰ হিচাপে বিবেচনা কৰা হয়৷ আমি প্ৰত্যেকেই গাখীৰৰ লগত আমাৰ মন পচন্দৰ ফল, বিস্কুট, কে’ক আদি খাই ভাল পাওঁ৷ কিন্তু আয়ুৰ্বেদৰ মতে গাখীৰে আপোনাৰ শৰীৰৰ অনিষ্ট কৰিব পাৰে, যদিহে আপুনি ভুল কম্বিনেশ্যন কৰি খায়৷ 

Foods Not to Drink With Milk: 9 Foods You Should NEVER have with milk, According to Ayurveda

বহুতো মানুহে গাখীৰ আৰু কল একেলগে খাই ভাল পায়৷ কিন্তু আয়ুৰ্বেদে এই কম্বিনেশ্যন খোৱাৰ উপযোগী নহয় বুলি কৈছে৷ আয়ুৰ্বেদৰ মতে আমাৰ দেহৰ ভিতৰৰ ‘অগ্নি’ বা ডাইজেষ্টিভ ফায়াৰে খাদ্য হজম প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে৷ সেয়েহে আমি যদি এনেকুৱা কিছুমান খাদ্যৰ কম্বিনেশ্যন খাওঁ, যিয়ে আমাৰ দেহৰ ভিতৰত অগ্নিৰ পৰিমাণ বঢ়াই দিয়ে, তেতিয়া আমাৰ হজম প্ৰক্ৰিয়া দুৰ্বল হৈ যায় আৰু ইয়ে শৰীৰত টক্সিন উৎপন্ন কৰি ৰোগৰ সৃষ্টি কৰে৷ সেয়েহে গাখীৰক বিস্কুট, কে’ক, দৈ, খিচিৰি, কল, আচাৰ, মাছ, মাংস, কণী আদিৰ লগত খাব নালাগে৷

Mango Pickle, Packaging Type : 100gm, 250gm by Fruit of Harvest from Amritsar Punjab | ID - 5632684

গাখীৰ হজম হ’বলৈ সময় লাগে আৰু আপুনি যদি গাখীৰৰ লগত নেমু, আচাৰ বা যিকোনো টেঙা ফল খায়, তেন্তে গাখীৰখিনি ডাঠ হৈ যায়৷ ফলত আপোনাৰ গেছ, বুকু জ্বলা-পোৰা আদি হ’ব পাৰে৷ একেদৰে মাছ-মাংস খাই উঠিও গাখীৰ খোৱাটো উচিত নহয়৷ কল আৰু গাখীৰো হজম হ’বলৈ বহু সময় লাগে৷ যেতিয়ালৈকে দুয়োবিধ খাদ্য হজম নহয়, তেতিয়ালৈকে ভাগৰ, দুৰ্বল, গা বেয়া লগা আদি হোৱা দেখা যায়৷

Milk Splash And Pineapple. Natural Dairy Products Royalty Free Cliparts, Vectors, And Stock Illustration. Image 88022205.

LEAVE A REPLY

Please enter your comment!
Please enter your name here