সমুদ্ৰৰ জলস্তৰ বৃদ্ধিক লৈকি আশংকা কৰিলে ৰাষ্ট্ৰসংঘই

0
337


অভাৱনীয়ভাৱে বৃদ্ধি পাইছে মুম্বাই, নিউয়ৰ্ক আদিকে ধৰি সমুদ্ৰৰ জলস্তৰ৷ এইদৰে সমুদ্ৰৰ জলস্তৰ বঢ়াৰ ফলত কোনো বিপদৰ পূৰ্বাভাস হ’ব পাৰে৷ এই লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টোনিঅ’ গুটেৰেজে৷ গুটেৰেজে প্ৰকাশ কৰে যে মুম্বাই, নিউয়ৰ্ক আদি ডাঙৰ ডাঙৰ চহৰবোৰত সমুদ্ৰৰ জলস্তৰ বৃদ্ধিৰ ফলত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে৷ জলবায়ু সংকট সমুদ্ৰৰ জলস্তৰ বৃদ্ধিৰ মূল কাৰণ বুলিও তেওঁ লগতে উল্লেখ কৰে৷ গুটেৰেজৰ মতে সমুদ্ৰৰ জলস্তৰ বঢ়াৰ কাৰণে মানুহৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিব৷ সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিয়ে এক আশংকাৰ সৃষ্টি কৰিব পাৰে৷ বিশ্বৰ বিভিন্ন উপকূলীয় এলেকাত লাখ লাখ মানুহে বসবাস কৰে৷ এনে অৱস্থাত যদি সমুদ্ৰৰ জলস্তৰ বৃদ্ধি হৈ থাকে, তেন্তে ইয়াৰ বাসিন্দাসকলে ভয়-ভীতি থকাৰ লগতে জীৱন-জীৱিকাৰ কোনো সম্বল নাথাকিব৷ অলপতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সমুদ্ৰপৃষ্ঠৰ জলস্তৰ বৃদ্ধিৰ সংক্ৰান্তৰ আয়োজিত এক সন্মিলনত এই মন্তব্য প্ৰকাশ কৰিছিল সচিব প্ৰধানজনে৷ তেওঁ কয় যে সমুদ্ৰৰ ক্ৰমবৰ্ধমান জলস্তৰ কেৱলমাত্ৰ কিছু অঞ্চলতে নহয়, একাধিক দেশৰ বাবেই বিপদ আনিব পাৰে৷ তিনি হাজাৰ বছৰৰ তুলনাত ১৯০০ চনৰ পৰা বিশ্বব্যাপী সমুদ্ৰপৃষ্ঠৰ উচ্চতা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ আনহাতে অনাগত ১১ হাজাৰ বছৰৰ তুলনাত বিগত ১০০ বছৰে সমুদ্ৰৰ উষ্ণতাও উল্লেখযোগ্য হাৰত বৃদ্ধি পাইছে৷ বিশ্বৰ বতৰ বিজ্ঞান পৰিসংখ্যাই উল্লেখ কৰা উদ্ধৃতি দি গুটেৰেজে জনায় যে বিশ্বব্যাপী গড় তাপমাত্ৰা বৃদ্ধি ১.৫ ডিগ্ৰীৰ মাজত সীমাবদ্ধ থাকিলে সমুদ্ৰপৃষ্ঠৰ উচ্চতা ক্ৰমান্বয়ে বাঢ়ি যাব৷ যদি এই তাপমাত্ৰাৰ পৰিমাণ ২ ডিগ্ৰী বৃদ্ধি পায়, তেনেহ’লে সমুদ্ৰৰ জলস্তৰ দ্বিগুণে বাঢ়ি যাব৷ তেওঁ জনোৱা মতে সমুদ্ৰপৃষ্ঠৰ জলস্তৰ বৃদ্ধিৰ কাৰণে বিভিন্ন উপকূলীয় অঞ্চলত বসবাস কৰা ৯০ কোটি মানুহলৈ বিপদ আহিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here