প্ৰথমবাৰৰ বাবে দেখা গ’ল সোণালী ৰঙৰ মেকুৰী : ক’ত?

0
584

এইবাৰ পশ্চিম বংগত অৱস্থিত বক্সা ব্যাঘ্ৰ প্ৰকল্পত কৰ্তৃপক্ষই প্ৰত্যক্ষ কৰিলে এবিধ বিৰল প্ৰজাতিৰ প্ৰাণী৷ প্ৰাপ্ত তথ্য মতে এই প্ৰসংগত জানিব পৰা মতে এই ব্যাঘ্ৰ প্ৰকল্পত প্ৰথমবাৰৰ বাবে দেখা গৈছে সোণালী ৰঙৰ মেকুৰী৷ এই সোণালী মেকুৰীৰ প্ৰজাতিটোক মেলানিষ্টিক এছিয়ান গ’ল্ডেন কেট হিচাপে জনা যায়৷ মূলতঃ বাঘৰ গতি-বিধি নজৰ ৰাখিবলৈ পশ্চিম বংগৰ বক্সা ব্যাঘ্ৰ প্ৰকল্পত ট্ৰেপ কেমেৰাত ধৰা পৰিছে এইবিধ প্ৰজাতিৰ মেকুৰীৰ বিচৰণ৷ সমগ্ৰ বিশ্বৰ ভিতৰত থাইলেণ্ড, সুমাত্ৰা, নেপাল, ভূটান আদিতহে এই প্ৰজাতিৰ মেকুৰী দেখা পোৱা গৈছিল৷ আনহাতে ভাৰতৰ অসম, ছিকিম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নগালেণ্ড আদিতো এই গ’ল্ডেন কেট প্ৰত্যক্ষ কৰিছিল৷ এইবাৰ পশ্চিম বংগত প্ৰথমবাৰৰ বাবে এইবিধ মেকুৰী দেখা পায়৷ সেয়ে উদ্যান কৰ্তৃপক্ষই যথেষ্ট আনন্দ প্ৰকাশ কৰিছে৷ কৰ্তৃপক্ষই জনোৱা মতে মেলানিষ্টিক গ’ল্ডেন কেটৰ উপৰি এই মুহূৰ্তত বক্সা ব্যাঘ্ৰ প্ৰকল্পত আৰু তিনি প্ৰজাতিৰ মেকুৰী আছে৷ বক্সাৰ ভৰপূৰ জীৱ-বৈচিত্ৰ্যৰ কাৰণে এইটো সম্ভৱ হৈছে বুলিও মত প্ৰকাশ কৰে৷ ইতিমধ্যে কেমেৰাই এই বিশেষ প্ৰজাতিৰ মেকুৰীটোৰ ১৭খন ছবি সংগ্ৰহ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here