এণ্ড্ৰোপ’জ : পুৰুষৰ ৰজনিবৃত্তি ?

0
513


লেখক : ডাঃ নিতুল বৈশ্য
জিলা যুৱ কল্যাণ বিষয়া, অসম চৰকাৰ
ফোনঃ ৭৮৯৬২৪৬০০১

আমি সকলোৱে জানো যে ছোৱালী এগৰাকীয়ে সাধাৰণতে দহ-বাৰ বছৰ বয়সত যৌৱনাৱস্থা (পিউবাৰ্টি) প্ৰাপ্তি লাভ কৰে আৰু প্ৰতি মাহে মাহেকীয়াৰ ৰূপত সেয়া দেখা যায়। সাধাৰণতে পঞ্চল্লিশ যোগ-বিয়োগ পাঁ‌চ, মানে চল্লিশৰ পৰা পঞ্চাছ বছৰ বয়সৰ ভিতৰত মাহেকীয়া বন্ধ হয়, যাক মেনোপ’জ বুলি কোৱা হয়। মেনোপ’জৰ লগে লগে মহিলা এগৰাকীৰ শৰীৰত হৰম’নৰ বিভিন্ন তাৰতম্য ঘটে, যাৰ ফলত মহিলাগৰাকীয়ে অনেক শাৰীৰিক আৰু মানসিক পৰিৱৰ্তিত অৱস্থাৰ মুখামুখি হ’ব লগা হয়।

কিন্তু খুব কম মানুহেহে এই বিষয়ে জ্ঞাত যে মহিলাৰ দৰে পুৰুষ এজনৰ দেহতো এই মেনোপ’জ সদৃশ পৰিঘটনা ঘটে। ইয়াক এণ্ড্ৰোপ’জ বা মে’ল মেনোপ’জ বুলি কোৱা হয়।

বয়স বৃদ্ধিৰ লগে লগে সকলো পুৰুষৰে শৰীৰত টেষ্টোষ্টেৰ’ন নামৰ হৰম’নবিধৰ পৰিমাণ স্বাভাৱিকভাৱেই কিছু হ্ৰাস পায়। কিন্তু কিছুসংখ্যকৰ ক্ষেত্ৰত সাধাৰণতে চল্লিশ বছৰমান বয়সত পুৰুষজনৰ দেহত টেষ্টোষ্টেৰ’ন হৰম’নবিধৰ পৰিমাণ অস্বাভাৱিকভাৱে কমি যাবলৈ আৰম্ভ কৰে (হ্ৰাসৰ হাৰ প্ৰতিবছৰে একৰ পৰা দুই শতাংশ), যাৰ ফলত পুৰুষজনৰ শৰীৰত বিভিন্ন শাৰীৰিক আৰু মানসিক লক্ষণে গা কৰি উঠে।

বিভিন্ন কাৰণত এণ্ড্ৰোপ’জ ত্বৰান্বিত হ’ব পাৰে। সেইবোৰ এনেধৰণৰ-

(১) মানসিক চাপ বা উদ্বেগ
(২) মধুমেহ
(৩) মেদবহুলতা
(৪) উচ্চ ৰক্তচাপ
(৫) মাত্ৰাধিক কলেষ্টেৰল
(৬) বয়সজনিত কাৰণ
(৭) অত্যধিক মদ্যপান
(৮) ধূমপান
(৯) শাৰীৰিক পৰিশ্ৰমহীনতা
(১০) বয়সজনিত
(১১) অন্যান্য

উল্লেখনীয় যে টেষ্টোষ্টেৰ’ন নামৰ হৰম’নটো পুৰুষৰ প্ৰাথমিক বা মুখ্য যৌনাংগৰ আৰু গৌণ যৌন লক্ষণ বা চৰিত্ৰৰ বৃদ্ধি আৰু বিকাশৰ হকে দায়বদ্ধ হয়। তাৰোপৰি ই পুৰুষ আৰু মহিলা উভয়ৰে মাংসপেশী আৰু হাড়ৰ গঠনত প্ৰভূত অৰিহণা যোগায়।

গতিকে এণ্ড্ৰোপ’জ বা মেল মেনোপ’জ (পুৰুষৰ দেহত টেষ্টোষ্টেৰ’নৰ অস্বাভাৱিক হ্ৰাস)-ৰ ফলস্বৰূপে পুৰুষজনৰ দেহত কেতবোৰ লক্ষণে দেখা দিয়ে।
সেইবোৰ এনেধৰণৰ ঃ
(১) শাৰীৰিক শক্তি কমি যায়।
(২) মাংসপেশী দুৰ্বল হয়।
(৩) শৰীৰৰ বিভিন্ন অংশত, মুখ্যতঃ পেটৰ চাৰিওকাষে অপ্ৰয়োজনীয়ভাৱে চৰ্বি জমা হয়।
(৪) পুৰুষৰ দেহত স্তনৰ বৃদ্ধি হয়।
(৫) হাড় ঠুনুকা হয়।
(৬) যথেষ্ট পৰিমাণে চুলি সৰে।
(৭) মিলনৰ সময়ত যৌনাংগ শিথিল হৈ ৰয়।
(৮) শীঘ্ৰপতন
(৯) মানসিক অস্থিৰতা
(১০) হতাশা
(১১) এঞ্জাইটি
(১২) ষ্ট্ৰেচ বা মানসিক চাপ
(১৩) উদ্বেগ
(১৪) যৌন সম্ভোগৰ প্ৰতি অনীহা
(১৫) উৰ্জা বা উৎসাহ হানি হোৱা

যি সময়ত পিতৃ-মাতৃয়ে সন্তানৰ খোৱা-লোৱা, পঢ়া-শুনা আদিৰ যত্ন লোৱাৰ দৰকাৰ; যিখিনি আচলতে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনাৰ প্ৰস্তুতিৰ সময় — সেই সময়তেই পৰিয়ালৰ পুৰুষজনেই পৰিয়ালৰ (আৰু কেতিয়াবা নিজৰ) অজ্ঞাতেই টেষ্টোষ্টেৰ’ন হ্ৰাসে আনি দিয়া কেতবোৰ অস্বাভাৱিক শাৰীৰিক আৰু মানসিক পৰিৱৰ্তনৰ স’তে অকলেই যুঁজি যাবলগীয়া হয়।

এণ্ডোপ’জ প্ৰতিহত কৰাৰ উপায়বোৰ কি কি ?
(১) শাৰীৰিকভাৱে সদায় সক্ৰিয় হৈ থাকিব লাগে।
(২) নিয়মীয়াকৈ ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে।
(৩) যোগাসন, ধ্যান আৰু প্ৰাণায়াম কৰিব লাগে।
(৪) মদ্যপান আৰু ধূমপান পৰিহাৰ কৰিব লাগে।
(৫) বতৰৰ ফল-মূল আৰু সেউজীয়া শাক-পাচলি খাব লাগে।
(৬) এণ্টি এণ্ড্ৰোপ’জ ডায়েট খাব লাগে।
এণ্টি এণ্ড্ৰোপ’জ ডায়েটত আছে – কুকুৰাৰ কণী, মাহজাতীয় শস্য, লিন মিট আৰু ৰেড মিট, প্ৰ’টিনযুক্ত অন্যান্য খাদ্য, অ’মেগা-৩ ফেটী এচিডযুক্ত খাদ্য, সাগৰীয় মাছ, বিন, ছয়াবিন আদি।
(৭) আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত উল্লেখিত অশ্বগন্ধা আৰু শ্বীলাজিত চিকিৎসকৰ পৰামৰ্শ মতে খাব পাৰে। ই অকলেই এণ্ডোপ’জৰ ক্ষেত্ৰত চমৎকাৰী ফলাফল দেখুৱায়।
(৮) কেলচিয়াম, জিংক আৰু ভিটামিন-ডি টেবলেট চিকিৎসকৰ পৰামৰ্শ মতে খাব লাগে।
অন্যথা কেলচিয়াম আৰু জিংকযুক্ত (যেনে – তিল, ৰঙালাউৰ গুটি) খাদ্য খাব লাগে আৰু নিয়মীয়াকৈ আধাঘণ্টাকৈ পুৱাৰ সূৰ্যৰ তাপ ল’ব লাগে।
(৯) ৰোগে চৰম অৱস্থা অতিক্ৰম কৰিলে আধুনিক চিকিৎসা বিজ্ঞানৰ টেষ্টোষ্টেৰ’ন ৰিপ্লেছ্মেণ্ট থেৰাপী প্ৰয়োগ কৰিব পৰা যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here