সতৰ্ক হওক : দিল্লী-এন চি আৰত প্ৰদূষণ কৰিলে ভৰিব লাগিব এক কোটি টকাৰ জৰিমনা

0
1528

আমি সকলোৱে জানো ভাৰতবৰ্ষৰ ভিতৰতে দিল্লীত প্ৰদূষণৰ মাত্ৰা সৰ্বাধিক৷ ভয়াৱহভাৱে বাঢ়ি অহা বায়ু প্ৰদূষণৰ ফলত দিল্লীত বছৰি প্ৰায় পয়ত্ৰিছ হাজাৰ লোকৰ মৃত্যু ঘটি আছে৷ অত্যধিক হাৰত হোৱা বায়ু প্ৰদূষণৰ কাৰণে দিল্লীবাসীয়ে বিভিন্ন ৰোগত আক্ৰান্ত হ’বলগীয়া হৈছে৷ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰ কঠোৰ হৈছে আৰু যোৱা ২৯ অক্টোবৰত এখন অধ্যাদেশ জাৰি কৰিছে৷ দিল্লী আৰু এম চি আৰত যিকোনো ধৰণৰ প্ৰদূষণ কৰাজনক কাৰাবাস খাটিবলগীয়া অপৰাধ হিচাপে গণ্য কৰা হ’ব৷ এই অধ্যাদেশখনৰ মতে বায়ু প্ৰদূষণ সৃষ্টি কৰাজনে পাঁচ বছৰপৰ্যন্ত জে’ল খাটিব লগা হ’ব, লগতে এক কোটি টকাৰ জৰিমনা ভৰিবলগীয়া হ’ব পাৰে৷ এই অধ্যাদেশ মতে দিল্লী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহৰ বাবে এখন বায়ু মান ব্যৱস্থাপনা আয়োগ গঠন কৰা হ’ব৷ দেশৰ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে উক্ত অধ্যাদেশখনত অনুমোদন জনাইছে৷ সেয়ে দিল্লীবাসীয়ে সাৱধান হওক, নহ’লে আপুনিও ভৰিবলগীয়া হ’ব পাৰে এক কোটি টকাৰ জৰিমনা

LEAVE A REPLY

Please enter your comment!
Please enter your name here